প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন সজাগতাৰ বাবে বোকাখাত আৰু কাজিৰঙাত নাট প্ৰদৰ্শন ছাত্ৰ ছাত্ৰীৰ : নাটকৰ নাম ‘কি’ :

Aiidesh News : 24 February - 2026 :

প্ৰকৃতিক আৰু মানুহে সৃষ্টি কৰা দুৰ্যোগৰ বাবে বিপন্ন হৈছে চৌপাশৰ প্ৰকৃতি আৰু বন্যপ্ৰাণী । এই ক্ৰমবৰ্ধমান সমস্যাৰ সমাধান কি । এই পটভুমিকে বিষয় হিচাবে লৈ ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উদ্যোগত হিন্দুস্থান কম্পিউটাৰ লিমিটেড ফাউণ্ডেচনৰ অৰ্থ সাহাৰ্যৰে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সহযোগিতাৰে ২২ আৰু ২৩ ফেব্ৰুৱাৰীত বোকাখাত আৰু কাজিৰঙাত মঞ্চস্থ এখন ব্যতিক্ৰমী নাটক ‘কি’ । প্ৰাকৃতিক দুৰ্যোগ প্ৰসমন সজাগতাৰ বাৰ্তাৰে নিৰ্মিত এই নাটকত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় আৰু ডিফলু পথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অভিনয় কৰে । অসমৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী , অভিনেতা দিৱস বৰুৱা আৰু প্ৰশান্ত কলিতাৰ পৰিচালনাৰ এই নাটকৰ সামগ্ৰীক পৰিকল্পনাত আছিল ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ জেষ্ঠ সমন্বয়ক পশু চিকিৎসক ডা০ ভাস্কৰ চৌধুৰীৰ । চিত্ৰায়ন আৰু ফটোগ্ৰাফী আছিল বিশিষ্ট ফটোগ্ৰাফাৰ চিত্ৰ শিল্পী জ্যোতি প্ৰসাদ দাসৰ । সংলাপ লিখিছিল তেজপুৰৰ বৰষা ৰাণী বৰুৱাই । অভিনয় কৰা ছাত্ৰ ছাত্ৰী সকল হ’ল সৌৰভ বৰুৱা, আদিত্য দাস, প্ৰিষাংক্ষী দাস, অনন্যা দাস, হৰিপ্ৰিয়া গগৈ, ধ্ৰুৱজ্যোতি দাস, বিশ্বজিত দাস, দেৱজ্যোতি শইকীয়া, কৌশিক শইকীয়া, তৃষ্ণা দাস আৰু অংকিত দাসে । নাটখনিৰ সামগিৰিক পৰিচালনাত সহায় কৰিছিল ধীৰাজ ভৰালীয়ে । ২২ ফেব্ৰুৱাৰীৰ সন্ধ্যা জে ডি এছ জি মহাবিদ্যালয়ৰ মুকলি প্ৰক্ষাগৃহত অনুষ্ঠিত প্ৰথম দৰ্শনীৰ প্ৰাক্ ক্ষণত বিশিষ্ট নাট্যকাৰ কবি প্ৰয়াত ৰফিকুল হোছেইনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহাবিদ্যালয়খনৰ উপাধ্যক্ষ প্ৰশান্ত শইকীয়া। বোকাখাত আৰু কাজিৰঙাত দুটা নিশা মঞ্চস্থ হোৱা নাটক খনে সকলোৰে প্ৰশংসা লাভ কৰাৰ লগতে পৰ্যটকৰ বাবে নিয়মিত ভাৱে নাটকখন মঞ্চস্থ কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় স্থানীয় লোকে ।  

**********