বোকাখাত বনাঞ্চলৰ বনকৰ্মীৰ সুদক্ষ তৎপৰত্তাত জাকৰ পৰা বিচ্চেদিত কনমানি হাতীপোৱালী উদ্ধাৰ : সফলতাৰে জাকৰ সৈতে পুনৰ মিলন :
Aiidesh News : 5 June - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত বনাঞ্চলৰ বনকৰ্মীৰ দলে স্থানীয় লোক আৰু বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ উদ্ধাৰকাৰী দলৰ সহযোগত আজি পুৱা জাকৰ পৰা বিচ্চেদ হোৱা এটা মতা দুমহীয়া হাতী পোৱালীক পুনৰ মাক আৰু জাকৰ সৈতে লগ লগাই দিবলৈ সক্ষম হয় ৷
প্ৰাপ্য তথ্য মতে আজি পুৱতি নিশা পুৱা প্ৰায় চাৰি বজাত বোকাখাত বনাঞ্চলৰ তহলদাৰী বনকৰ্মীৰ দলক বৰজুৰিবস্তিৰ অঞ্চলৰ লোকে জাকৰ পৰা বিচ্চেদ হোৱা এটা হাতী পোৱালীক অঞ্চলটোৰ পথাৰত প্ৰত্যক্ষ কৰাৰ কথা অৱগত কৰে ৷ খবৰ পায়ে বনকৰ্মীৰ দলগৈ ঘটনাস্থলী উপস্থিত হৈ পথাৰত দৌৰি ফুৰা হাতী পোৱালীটো প্ৰত্যক্ষ কৰে ৷ ইতিমধ্যেই অগৰাতলিৰ বনকৰ্মীৰ এটা দলো ঘটনাস্থলীত উপস্থিত হয় ৷ স্থানীয় লোকৰ মতে পোৱালীটোক এৰি থৈ হাতীৰ জাকটোয়ে কিছুসময়ৰ পুৰ্বেই ঘটনাস্থলীৰ নাতি দুৰতে থকা ভেৰণি বনশিৱিৰৰ সমীপেৰেই কাজিৰঙাত প্ৰৱেশ কৰে ৷ হাতীৰ জাকটোৰ গতি বিধি নিৰীক্ষণৰ বাবে তাৎক্ষনিক ভাৱেই ভেৰনি বনশিৱিৰ এলেকাত বিভাগীয় হাতীও মোতায়েন কৰা হয় ৷
ইফালে পোহৰ হৈ অহাৰ লগতে মানুহৰ উপস্থিতিৰ উমান পাই ত্ৰাসিত হাতীৰ পোৱালীটোয়ে পথাৰৰ পৰা মেথনি চাহ বাগিছা হৈ সাপজুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষ পায়গৈ ৷ ৰাষ্ট্ৰীয় পথৰ কাষতে বনকৰ্মীৰ দলে কনমানি হাতী পোৱালীটো কৰায়ত্ব কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে সমীপতে থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ লৈ যায় ৷
স্বাস্থ্য পৰীক্ষাৰ পিচতে সুস্থ হাতী পোৱালীটোক কাজিৰঙাৰ ভেৰনি বনশিৱিৰৰ সমীপলৈ লৈ যোৱা হয় ৷ কিয়নো হাতী জাকটোয়ে এই ভেৰনি বনশিৱিৰৰ সমীপৰ কৰিডৰেদিয়েই উদ্যানলৈ বুলি পুৱতি নিশা গতি কৰিছিল আৰু কিবা কাৰণতে জাকৰ পৰা বিচ্চেদিত হৈ পোৱালীটো ৰৈ গৈছিল ৷ বিভাগীয় হাতীয়ে কৰা নিৰীক্ষণত জাকটো সমীপতে থকাৰ উমান পাই পোৱালীটোক ভেৰনি বনশিৱিৰ সমীপত মুকলি কৰি দি নিৰীক্ষণ কৰা হয় ৷ মানুহৰ সংস্পৰ্শলৈ অহা হাতী পোৱালীটোৰ শৰীৰত হাতীৰ গোৱৰ সানি দিয়া হয় ৷ হাতীৰ পোৱালীটোয়ে দিয়া চিঞৰৰ প্ৰতি সঁহাৰি জনায় বনাঞ্চলৰ পৰা মাকজনী ওলাই আহি পোৱালীটো লগত লৈ পুনৰ বনাঞ্চললৈ সোমাই যায় ৷ আজি পুৱা মাত্ৰ ৪ ঘন্টাৰ ব্যৱধানত স্থানীয় লোক,বিভাগীয় হাতী, বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ উদ্ধাৰকাৰীৰ দলৰ সহযোগত বোকাখাত বনাঞ্চলৰ বনকৰ্মীৰ দলে অতি দক্ষতাৰে কনমানি হাতী পোৱালীটোক তাৰ মাক আৰু জাকৰ সৈতে পুনৰ মিলন কৰাই দিবলৈ সক্ষম হয় ৷
***********