কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত গঁড়ৰ চোৰাংচিকাৰ প্ৰতিৰোধ টাস্ক ফ'ৰ্চৰ দ্বিতীয় বৈঠক : চোৰাংচিকাৰ ৰোধৰ বাবে শক্তিশালী ৰণনীতি সম্পৰ্কত আলোচনা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত গঁড়ৰ চোৰাংচিকাৰ প্ৰতিৰোধ টাস্ক ফ'ৰ্চৰ দ্বিতীয় বৈঠক : চোৰাংচিকাৰ ৰোধৰ বাবে শক্তিশালী ৰণনীতি সম্পৰ্কত আলোচনা :
Aiidesh Photo

Aiidesh News :  17 May- 2024 : 

গঁড়ৰ চোৰাংচিকাৰ প্ৰতিৰোধ টাস্ক ফ'ৰ্চৰ দ্বিতীয় গুৰুত্বপূৰ্ণ বৈঠক ১৬ মে'ত কাজিৰঙাত অনুষ্ঠিত হয় । অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ পৌৰহিত্যত অনুষ্ঠিত এই বৈঠকত অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়া, গঁড়ৰ আৱাসিক বনাঞ্চলৰ সমুহৰ আৰক্ষী অধীক্ষক সকল আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষ,  বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশৰ উপৰিও বনবিভাগৰ জ্যেষ্ঠ বন বিষয়া আৰু কাষৰীয় অঞ্চলৰ আৰক্ষী বিষয়াসকলো উপস্থিত থাকে ।

বৈঠকত বৰ্তমানৰ গঁড় সুৰক্ষা ব্যৱস্থা, বন-আৰক্ষী সহযোগ , বন সুৰক্ষা বাহিনী মোতায়েন আৰু চোৰাংচোৱা নেটৱৰ্ক শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰা হয় ৷ বৈঠকত অসম চৰকাৰৰ সকলো বিভাগৰ যৌথ প্ৰচেষ্টাৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাত গঁড়ৰ সংখ্যা বৃদ্ধি হোৱাৰ উপৰিও বিগত দুটা বছৰত বুঢ়া চাপৰি আৰু মাজুলীকে ধৰি নতুন অঞ্চললৈ গঁড়ৰ বিচৰণক গুৰুত্ব প্ৰদান কৰা হয় । বৈঠকত টাস্ক ফ'ৰ্চে গঁড়ৰ বিচৰণৰ নতুন এলেকাবোৰৰ মানচিত্ৰ অংকণ কৰা আৰু বন শিবিৰ বোৰৰ আৰু পেট্ৰ'লিং পথসমুহ নিৰূপণ কৰাৰ বাবে অনুৰোধ জনায় ৷ 

টাস্ক ফ'ৰ্চে অসমত গঁড় সুৰক্ষা অধিক শক্তিশালী কৰাৰ লগতে নিৰীক্ষণ ব্যৱস্থাও শক্তিশালী কৰাৰ বাবে টাস্ক ফৰ্চৰ সমিতিত কেন্দ্ৰীয় মণ্ডল, উত্তৰ মণ্ডল আৰু পুৱ মণ্ডলৰ আৰক্ষী মহা পৰিদৰ্শক , নগাঁও, গোলাঘাট আৰু যোৰহাট বন সংমণ্ডলৰ ডি এফ অ' আৰু অসম বন সুৰক্ষা বাহিনীৰ কমাণ্ডেণ্ট সকলক অতিৰিক্ত সদস্য হিচাবে অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে । লগতে জিলা পৰ্যায়ত সকলো গঁড় বিচৰণ এলেকাত নিয়মীয়া সমন্বয় সভা অনুষ্ঠিত কৰাৰো  পৰামৰ্শ দিয়ে টাস্ক ফৰ্চে ৷ 

**********