মনিপুৰৰ চোৰাচান্দপুৰত বোকাখাত আৰক্ষীৰ অভিযান : দুধৰ্ষ গঁড় চিকাৰীক আটক :

মনিপুৰৰ চোৰাচান্দপুৰত বোকাখাত আৰক্ষীৰ অভিযান : দুধৰ্ষ গঁড় চিকাৰীক আটক :
Photo : Uttam Saikia
মনিপুৰৰ চোৰাচান্দপুৰত বোকাখাত আৰক্ষীৰ অভিযান : দুধৰ্ষ গঁড় চিকাৰীক আটক :

মনিপুৰৰ চোৰাচান্দপুৰত বোকাখাত আৰক্ষীৰ অভিযান : দুধৰ্ষ গঁড় চিকাৰীক আটক : 


AIIDESH NEWS. 03 July : 


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিৰ ডোৰামাৰী বিলৰ পাৰত যোৱা ৯ মে' ত সংঘৰ্টিত হোৱা গঁড় হত্যাত জড়িত চোৰাংচিকাৰী দলৰ ৬ জনক কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পাচত ২ জুলাইত মনিপুৰৰ চুৰাচান্দপুৰৰ পৰা আন এজন দুধৰ্ষ চোৰাংচিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে কাজিৰঙাৰ গঁড় হত্যাৰ লগত বিগত সময়চোৱাত মনিপুৰৰ পাচটামান দল জড়িত হৈ থকাৰ কথা পোহৰলৈ আহিছে ৷ এই দলৰবোৰৰ অন্যতম চংপো নামৰ দলটোৰে নেতা নেংজাথান ভালতেক আটক কৰিছে বোকাখাতৰ আৰক্ষীয়ে ৷ মনিপুৰৰ এই দল সমুহে বিগত বছৰ বোৰত ১৮ টা মান গঁড় হত্যা কৰা বুলি ধৃত চোৰাংচিকাৰী নেংজাথান ভালতেৰ স্বীকাৰোক্তিত প্ৰকাশ ৷ বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্বত মনিপুৰৰ চোৰাচান্দপুৰ আৰক্ষীৰ সহযোগত এটা বস্তিৰ পৰা দুধৰ্ষ চোৰাংচিকাৰী  নেংজাথান ভালতেক আটক কৰিবলৈ সক্ষমো হয় ৷ আভিযানৰ সময়ত দলটোৰ সৈতে গুলীগুলীও হোৱা বুলি জনাইছে আৰক্ষীয়ে ৷ এই ঘটনাত মনিপুৰৰ উগ্ৰপন্থী সংগঠন জেদ আৰ এ জড়িত থকা বুলিও আৰক্ষীয়ে জনাইছে ৷ ধৃত চোৰাংচিকাৰীৰ স্বীকাৰোক্তি মতে উল্লেখিত মনিপুৰৰ চোৰাংচিকাৰী দলবোৰে গঁড় হত্যাৰ লগতে গঁড় খৰ্গৰ ব্যৱসায় , অস্ত্ৰ সৰবৰাহৰ লগতে দলৰ সদস্য আটক হলে আদালত অধিবক্তাক দিব লগা ধন আৰু ভৰণ পোষণৰো সমুহ দায়ীত্ব পালন কৰে ৷ ধৃত চোৰাংচিকাৰীজনক আজি বোকাখাতৰ আদালতত হাজিৰ কৰি চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মাত অনা বুলি জনায় বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱাই ৷