বুঢ়ীদিহিং গৰাখহনীয়াৰ স্হায়ী সমস্যা সমাধানৰ দাবীত ৰাইজৰ প্ৰতিবাদ

গাঁৱৰ ৰাইজে নৈৰ গৰাখহনীয়া স্থলীত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ   এলেকাত বুঢ়ীদিহিং নৈৰ ভয়াবহ গৰা খহনীয়াত শ শ বিঘা ভূমি নদীত জাহ গৈছে। বুঢ়ীদিহিং গৰাখহনীয়া সমস্যা  সমাধানৰ বাবে কেইবাবছৰৰ পৰা কংগ্ৰেছ কিম্বা বিজেপিৰ  স্হানীয় বিধায়ক ভাস্কৰ শৰ্মা তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো বিহীত ব্যৱস্থা লোৱাতো দুৱৰে কথা খহনীয়া স্হানলৈ পৰিদৰ্শন কৰিবলৈও অহা নাই বুলি অভিযোগ উত্থাপিত কৰিছে। গৰাখহনীয়া সমস্যাই এক স্পশকাত বিষয় হিচাপে পৰিগণিত হোৱা বুঢ়ীদিহিং গৰাখহনীয়া সমস্যা সমাধান দাবীত আদৰ্শ গাঁৱৰ ৰাইজে অসম চৰকাৰৰ হায় হায়,সবানন্দ সোনোৱাল মুৰদাবাদ, ভাস্কৰ শৰ্মা মুৰদাবাদ শ্লেগানে প্ৰতিবাদ সাব্যস্ত কৰি উতাল কৰি তুলে, অতিশিঘ্ৰে গৰাখহনীয়া সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ  বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায় ।