বোকাখাতৰ ডিফলু চাহ বাগিচাৰ ঢেকীয়া পথাৰ অঞ্চলৰ পৰা উৰনীয়া কেৰ্কেটুৱা বা ৰাম শৰ নামৰ বিৰল প্ৰজাতিৰ কেৰ্কেটুৱা উদ্ধাৰ :

বোকাখাতৰ ডিফলু চাহ বাগিচাৰ ঢেকীয়া পথাৰ অঞ্চলৰ পৰা উৰনীয়া কেৰ্কেটুৱা বা ৰাম শৰ নামৰ বিৰল প্ৰজাতিৰ কেৰ্কেটুৱা উদ্ধাৰ  :
Aiidesh Photo

Aiidesh News  : 25 April 2023 :

গোলাঘাট আৰু কাৰ্বি অংলং জিলাৰ সীমান্তৱৰ্তী প্ৰসাৰিত অঞ্চল বন্যপ্ৰাণীৰ বাবে অতি সংবেদনশীল অঞ্চল ৷ মানুহ অগ্ৰাসন আৰু চাহ বাগিচা আৰু অনান্য কৃষি কাৰ্যৰ প্ৰসাৰণৰ বাবে অঞ্চলটোৰ বিপন্ন প্ৰায় বহু বন্যপ্ৰাণীৰ আৱাস সংকুচিত কৰিলেও আজিও বহু বিৰল প্ৰজাতিৰ প্ৰাণী এই অঞ্চলত পোৱা যায় ৷ যোৱা নিশা উৰণীয়া কেৰ্কেটুৱা বা ৰাম শৰ নামৰ তেনে এটা বিৰল প্ৰজাতিৰ প্ৰাণী বোকাখাতৰ কাৰ্বি পাহাৰৰ নামনিৰ ডিফলু চাহ বাগিচাৰ সমীপৰ ঢেকীয়াপথাৰ অঞ্চলৰ পৰা উদ্ধাৰ হয় ৷ উৰণীয়া কেৰ্কেটুৱা ৫০ টা কেৰ্কেটুৱা প্ৰজাতিৰ অন্যতম এক প্ৰজাতি  ৷

অঞ্চলটোৰ চিদানন্দ কুৰ্মী নামৰ লোকজনে ঘৰৰ পোহনীয়া মেকুৰীৰৰ মুখৰ পৰা উৰণীয়া কেৰ্কেটুৱাতো উদ্ধাৰ কৰি কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী  পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ নিশাই প্ৰেৰণ কৰে ৷ মেকুৰীৰ আক্ৰমনত আহত হোৱা উৰণীয়া কেৰ্কেটুৱাটোক চিকিৎসা

প্ৰদান কৰি নিশাই বনাঞ্চলত মুকলি কৰি দিয়া হয় বুলি জানিবলৈ দিয়ে বন্যপ্ৰাণী  পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে ৷ সাধাৰণতে ওখ গছৰ বাসিন্দা এই উৰণীয়া কেৰ্কেটুৱা ডিফলু চাহ বাগিচাৰ ঢেকীয়াপথাৰৰ পৰা উদ্ধাৰ হোৱা ঘটনাতো অতিকে গুৰুত্বপুৰ্ণ বুলি বিবেচিত হৈছে ৷ ইফালে যোৱা সোমবাৰৰ দিনা ডিফলু চাহ বাগিচাৰ ৪ নম্বৰ বাগানৰ পৰা এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ হোৱাৰ উপৰিও এসপ্তাহৰ পূৰ্বে এটা বিৰল প্ৰজাতিৰ ফেঁচা ডিফলু চাহ বাগিচাৰ সঞ্জীৱ কৰ্মকাৰ নামৰ যুৱক জনে উদ্ধাৰ কৰিছিল ৷ এনে পটভুমিত অঞ্চলটো এতিয়াও বন্যপ্ৰাণীৰ বাবে অতি সংবেদনশীল হৈ থকা বুলি বিবেচিত ৷ 

**********