বোকাখাত সমষ্টিত ৫ টাকৈ আদর্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন মন্ত্ৰী অতুল বৰাৰ :

বোকাখাত সমষ্টিত ৫ টাকৈ আদর্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন  মন্ত্ৰী অতুল বৰাৰ  :
Janasanyug
বোকাখাত সমষ্টিত ৫ টাকৈ আদর্শ অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন  মন্ত্ৰী অতুল বৰাৰ  :

Aiidesh News  : 28 December - 2023  : 

বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙামাটি  বন বাগান আৰু ৰাধাবাৰী বাগিচাৰ প্ৰাথমিক বিদ্যালয় সমুহৰ চৌহদত নতুনকৈ নিৰ্মাণ হ'বলগীয়া ১৮২ নং ৰঙামাটি বাপুজী আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, ১৬৮ নং বন বাগান বনুৱা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু ১৩০ নং ৰাধাবাৰী বাগান আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা আজি স্থাপন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই ।

আধাৰশিলা স্থাপন অনুষ্ঠান কেইটাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে প্ৰাথমিক বিদ্যালয়ৰ কেইখনৰ ছাত্ৰ-ছাত্ৰী আৰু  শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সৈতে মত বিনিময় কৰে । একেদৰে মন্ত্ৰী অতুল বৰাই আজি বোকাখাতৰ লখৌজান চাহ বাগিচাৰ পাইপলাইন আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু বৰচাপৰি বাগিচাৰ ২১৮ নং আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে । এই আধাৰশিলা স্থাপনৰ এই অনুষ্ঠানত গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ উদয় প্ৰবীণ, বোকাখাতৰ মহকুমাধিপতি  চিমী কৰণ, গোলাঘাট সদৰৰ মহকুমাধিপতি, বোকাখাত মহকুমা প্ৰশাসনৰ বিষয়া, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা, চাহ বাগিচাৰ পৰিচালক, পঞ্চায়তৰ সভানেত্ৰী প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়াসকল, বিশিষ্ট ব্যক্তি,  শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

*******