কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত পৰিৱেশ অনুকূল জীৱন শৈলী শীৰ্ষক বিশেষ সজাগতা সভা :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত পৰিৱেশ অনুকূল জীৱন শৈলী শীৰ্ষক বিশেষ সজাগতা সভা  :
Aiidesh Photo

Aiidesh News  : 22 May 2023 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত পৰিৱেশ অনুকূল জীৱন শৈলীৰ সম্পৰ্কত আজি বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয় ৷ বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয় আৰু চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই সভাত দুয়োখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে ৷ পৰিৱেশ অনুকূল জীৱন শৈলী শীৰ্ষক এই বিশেষ সজাগতা অভিযানত অসম গৌৰৱ অৱসৰ প্ৰাপ্ত বন বিষয়া ধৰণীধৰ বড়ো আৰু নগাঁও কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কুলেন দাসে সমল ব্যক্তি হিচাবে উপস্থিত থাকি পৰিৱেশ সুৰক্ষাৰ বাবে মানুহে কিদৰে জীন শৈলী সলনি কৰিব লাগে তাৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰী সৈতে মত বিনিময় কৰে ৷ 

সমল ব্যক্তিদ্বয়ৰ উপৰিও অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডল  ডি এফ অ' ৰমেশ কুমাৰ গগৈ,জে ডি এছ জি মহাবিদ্যালয় অধ্যক্ষ ড০ জয়ন্ত গগৈ, কাজিৰঙাৰ সহকাৰী বন সংৰক্ষক শশীধৰ ৰেড্ডি আৰু নয়নজ্যোতি ৰাজবংশী, জে ডি এছ জি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড০ জয়ন্ত দাস,উপাধ্যক্ষ দিপালী ৰাজকুমাৰী, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, মহাবিদ্যলয়খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সমন্বয়ক তথা  শিক্ষক গোটৰ সভাপতি প্ৰশান্ত শইকীয়া, বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক তথা মহাবিদ্যালয় খনৰ কৃষি পাম কোষ সমন্বয়ক ড০ বিজয় শৰ্মা, কাজিৰঙা অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক শশাংক ধৱল শইকীয়া, চি এন বি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা ববিতা বৰুৱা, বোকাখাত বনাঞ্চলৰ  বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, পুব বনাঞ্চল  অগৰাতলিৰ বনাঞ্চলিক বিষয়া, বিদ্যুত  বিকাশ বৰা, কাজিৰঙা বনাঞ্চল , কঁহৰাৰ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈ , পশ্চিম বনাঞ্চল , বাগৰিৰ  বনাঞ্চলিক বিষয়া বিবিধ দিহিঙীয়া, বুঢ়াপাহাৰ বনাঞ্চল, ঘোঁৰাকাটিৰ বনাঞ্চলিক বিষয়া ইকবাল আহমেদকে ধৰি বহ বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ 

বিশিষ্ট পৰিৱেশ কৰ্মী উত্তম শইকীয়া আঁত ধৰা এই অনুষ্ঠানত পৰিৱেশ অনুকূল জীৱন শৈলীৰ ওপৰত তথ্য চিত্ৰৰ লগতে সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডি এফ অ' ৰমেশ কুমাৰ গগৈ, অধ্যক্ষ ড৹ জয়ন্ত গগৈ আৰু জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতায়ো বক্তব্য আগবঢ়া, বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল আৰু অধ্যাপক ড৹ বিজয় শৰ্মা আদৰণি ভাষণ প্ৰদান কৰা মিচন লাইফ নামৰ এই অনুষ্ঠানত পৰিৱেশ সংৰক্ষণৰ বাবে সকলোয়ে শপত বাক্যও পাঠ কৰে ৷ শেষত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ  বনপালক তৰুণ গগৈয়ে অনুষ্ঠানৰ সফলতাৰ বাবে সকলোলৈকে শলাগৰ শৰাই আগবঢ়ায় ৷

********