হংকংৰ খেলপথাৰত বোকাখাতৰ দুহিতা উমা ছেত্ৰীৰ অপুৰ্ব ক্ৰীড়া শৈলীৰ প্ৰদৰ্শন : হংকংৰ বিৰুদ্ধে হোৱা খেলত ৯ উইকেটত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয় লাভ :
হংকংৰ খেলপথাৰত বোকাখাতৰ দুহিতা উমা ছেত্ৰীৰ অপুৰ্ব ক্ৰীড়া শৈলীৰ প্ৰদৰ্শন : হংকংৰ বিৰুদ্ধে হোৱা খেলত ৯ উইকেটত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয় লাভ :
Aiidesh News : 14 June 2023 :
বোকাখাতৰ কান্ধুলিমাৰীৰ দৰে এখন অতি পিচ পৰা গাওঁৰ পৰা নিজৰ নিৰৱিচিন্ন সাধনাৰে বিশ্বৰ মহিলা ক্ৰিকেটত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈ উমা চেত্ৰীয়ে ৷ হংকংৰ টিন খৱং ৰোড ৰিক্ৰিয়েচন গ্ৰাউণ্ডত অনুষ্ঠিত হৈ থকা ৱমেন ইমাৰজিং টিম এচিয়া কাপ ২০২৩ টি ২০ ক্ৰিকেটত ভাৰতীয় দলৰ হৈ সুন্দৰ খেল প্ৰদৰ্শন কৰি ভাৰতক জয় লাভ কৰোৱাৰ উপৰিও বিশ্ব বাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বোকাখাতৰ দুহিতা উমা চেত্ৰীয়ে ৷
হংকংৰ বিৰুদ্ধে হোৱা এই খেলত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ হৈ উমা চেত্ৰীয়ে প্ৰথমেই বেটিং কৰিবলৈ লৈ ২ টা বাউণ্ডেৰীৰে ১৫ টা বলৰ সন্মুখীন হৈ ১০৬.৬৬ ৰাণ ৰেটেৰে ১৬ ৰাণ কৰি খেলৰ শেষলৈকে নট আউট হৈ ভাৰতক এটা অনবদ্য ইনিংছৰ উপহাৰ দিয়ে ৷
একেদৰে যাদুকৰী হাতৰ কলা সুলভ উইকেট কিপিঙেৰে ভাৰতীয় দললৈ আগবঢ়োৱা অৱদানেৰে ভাৰতীয় মহিলা দলে হংকংৰ বিৰুদ্ধে ৯ উইকেটত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ উমা চেত্ৰীৰ ক্ষিপ্ৰ ইউকেট কিপিংৰ বাবে খেল খনত হংকঙে দলে এক ৰাণো বাই ৰাণ লাভ নকৰাতো খেল খনৰেই এক আকৰ্ষণীয় দিশ আছিল ৷ ভাৰতীয় দলৰ পৰসাভী চোপ্ৰাৰ বলিংত হংকং দলৰ বেটছ্মেন ইকৰা চাহাৰাক এক দৃষ্টিনন্দন ষ্টাম্পিংৰে আউট কৰে উমা চেত্ৰীয়ে ৷
*********
                        


                    
                    
                    
                
                
                
                
                
                
                

        
        
        
        
        

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
