কাজিৰঙাত আৰম্ভ হৈছে ১৭ সংখ্যক গ্ৰীষ্মকালিন প্ৰকৃতি শিৱিৰ : কাজিৰঙাৰ কাষৰীয় ২৬ খন গাওঁৰ ৪২ গৰাকী ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহন :

Aiidesh News  : 10th July - 2025  :

কাজিৰঙাত আজিৰে পৰা আৰম্ভ হৈছে ১৭ সংখ্যক গ্ৰীষ্মকালিন আৱাসিক প্ৰকৃতি শিৱিৰ ৷ ২০০৭ চনতে আৰম্ভ কৰা এই প্ৰকৃতি শিৱিৰে ইতিমধ্যেই ১৬ বছৰ অতিক্ৰমি ১৭ বছৰত ভৰি দিছে ৷ ইতিমধ্যেই বিশ্বনাথ চাৰিআলিত ফ্ৰেবুৱাৰী মাহত এই প্ৰকৃতি শিৱিৰৰ ১৭ সংখ্যক বৰ্ষৰ এক অনুষ্ঠান হৈ যোৱাৰ পিচত আজিৰে পৰা ১৭ সংখ্যক গ্ৰীষ্মকালিন দ্বিতীয়টো আৱাসিক শিৱিৰ কাজিৰঙাত অনুষ্ঠিত হৈছে ৷ কাজিৰঙাৰ ৱাইল্ডগ্ৰাছ ৰিজৰ্টত আজিৰে পৰা আৰম্ভ হোৱা তিনিদিনীয়া এই আৱাসিক গ্ৰীষ্মকালিন প্ৰকৃতি শিৱিৰ ১২ জুলাইত সামৰনী পৰিব ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষৰ উদ্যোগত অসম বিজ্ঞান প্ৰযুক্তি পৰিৱেশ পৰিষদৰ বিশেষ সহযোগত আয়োজিত এই প্ৰকৃতি শিৱিৰত কাজিৰঙাৰ কেউটা বনাঞ্চলৰ উপৰিও কাৰ্বি আংলং, নগাওঁ আৰু বিশ্বনাথ বন সংমণ্ডলৰ পৰা অহা মুঠ ৪২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰিছে ৷ এক নিৰ্দিষ্ট  প্ৰক্ৰিয়াৰে নিৰ্বাচিত এই অংশ গ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকল অষ্টম, নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত ৷ 

উল্লেখ্য যে প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা এই প্ৰকৃতি শিৱিৰৰ বাবে কাজিৰঙাত কৰ্মৰত বিভিন্ন বেচৰকাৰী প্ৰকৃতি সংগঠনবোৰেও সহযোগিতা আগবঢ়াই আহিছে ৷ আজি বিয়লি ৱাইল্ডগ্ৰাছ ৰিজৰ্টত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বন বিভাগৰ অৱসৰ প্ৰাপ্ত মুখ্য বন সংৰক্ষক এই প্ৰকৃতি শিৱিৰৰ প্ৰতিষ্ঠাপক উৎপল বৰা, কাজিৰঙাৰ ক্ষেত্ৰ  সঞ্চালক ড৹ সোনালী ঘোষ, আৰণ্যকৰ শিহু বিশেষজ্ঞ ড৹ আব্দুল ৱাকিদ, সহকাৰী বন সংৰক্ষক বুবুল বৰুৱা, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক পৰিৱেশ কৰ্মী উত্তম শইকীয়া, অৱসৰ প্ৰাপ্ত বন বিষয়া প্ৰদীপ গোস্বামীৰ লগতে বিভিন্ন সংগঠনৰ প্ৰতিনিধি, মহাবিদ্যালয় ৰ ব্যহাৰিক প্ৰশিক্ষনৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও শিৱিৰত অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ৷ কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ৰ অধীক্ষক গীতাঞ্জলি কলিতা আৰু পৰিৱেশ কৰ্মী উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি প্ৰকৃতি শিৱিৰৰ শুভাৰম্ভ কৰে উৎপল বৰা আৰু ড৹ সোনালী ঘোষে ৷ নিজৰ ভাষণ প্ৰদান কৰি অনুষ্ঠানৰ মুখ্য উৎপল বৰাই কাজিৰঙাৰ এই প্ৰকৃতি শিৱিৰৰ জন্ম লগনেৰে পৰাই বিগত ১৬ টা বছৰৰ ইতিহাস আৰু ইয়াৰ আঁৰৰ ব্যক্তি সকলৰ বিষয়ে বৰ্ণনা কৰে ৷ উদ্ধোধনী অনুষ্ঠানতে অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলৰ পৰিচয় দাঙি ধৰাৰ লগতে শৈক্ষিক সামগ্ৰীৰ একোটাকৈ উপহাৰ টোপোলা  প্ৰদান কৰা হয় ৷ অনুষ্ঠানৰ অতিথি সকলে উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই বিভিন্ন প্ৰান্তৰৰ পৰা শিৱিৰত অংশগ্ৰহন কৰিবলৈ অহা ছাত্ৰ ছাত্ৰী সকলৰ স্বাস্থ্যৰ পৰীক্ষা কৰা হয় ৷ স্বাস্থ্য পৰীক্ষা কৰে কঁহৰা চিকিৎসালয়ৰ জেষ্ঠ চিকিৎসক ডা৹ জয়ন্ত বৰগোহাঁই আৰু ডা৹ কোমল চোলাংকী আৰু তেওঁলোকৰ দলে ৷

উদ্বোধনী অনুষ্ঠানৰ পিচতেই প্ৰকৃতি শিৱিৰৰ প্ৰথমটো কাৰ্যসুচী আৰম্ভ হয় ৷ এই কাৰ্যসুচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে সহকাৰী বনসংৰক্ষক বুবুল বৰুৱা আৰু পৰিৱেশ কৰ্মী উত্তম শইকীয়াই ৷ পৰৱৰ্তী সময়ত বিশ্ব প্ৰকৃতি নিধিৰ ড৹ নিৰজ কাকতীয়ে প্ৰকৃতি সংৰক্ষনৰ প্ৰয়োজনীয়তা, পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশে নাগৰিক বিজ্ঞানৰ বিষয়ে অৱগত কৰাৰ উপৰিও আঘোন নামৰ হোম ষ্টেৰ স্বত্বাধিকাৰ অভিজিত গগৈয়ে পক্ষী নিৰীক্ষণ আৰু পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰী সকলে কৰিব লগা হিল ট্ৰেকৰ বিষয়ে ল’ব লগা প্ৰস্তুতিৰ বিষয়ে বৰ্ননা কৰে ৷ অহা কাইলৈ ১১ জুলাই পুৱাতে পাহাৰ বগোৱা অভিযানৰ উপৰিও কঁহৰাত আয়োজিত এক বিশেষ অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলে অংশ গ্ৰহন কৰিব ৷

************