ভাৰতত মজুত ৩.২৮ কোটি হাইড্ৰক্সিক্ল’ৰকুইন টেবলেট

ভাৰতত মজুত ৩.২৮ কোটি হাইড্ৰক্সিক্ল’ৰকুইন টেবলেট
হাইড্ৰক্সিক্ল’ৰকুইন টেবলেট

কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে মেলেৰিয়া প্ৰতিশোধক হাইড্ৰক্সিক্ল’ৰকুইন উৎকৃষ্ট দৰত তথা টেবলেট বুলি বিশ্বৰ কেইবাখনো দেশে স্বীকাৰ কৰাৰ পিছত এই টেবলেটৰ চাহিদা বৃদ্ধি পাইছে। এই টেবলেট উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষত থকা ভাৰতে ইতিমধ্যে আমেৰিকালৈ বৃহৎ পৰিমাণৰ হাইড্ৰক্সিক্ল’ৰকুইন ৰপ্তানি কৰিছে।

আমেৰিকালৈ এই টেবলেট ৰপ্তানি কৰাৰ পিছত দেশত পৰ্যাপ্ত পৰিমাণে হাইড্ৰক্সিক্ল’ৰকুইন মজুত আছে নে নাই তাক লৈ চৰ্চা চলে। এই চৰ্চা ওৰ পেলোৱাৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ বৃহৎ পৰিমাণৰ হাইড্ৰক্সিক্ল’ৰকুইন টেবলেট মজুত আছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কোৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে হাইড্ৰক্সিক্ল’ৰকুইন দেশত প্ৰায় ১ কোটিৰ প্ৰয়োজন হ’ব যদিও আমাৰ হাতত তিনিগুণ মজুত আছে। ভাৰতত ৩.২৮ কোটি হাইড্ৰক্সিক্ল’ৰকুইন টেবলেট মজুত আছে বুলি আজি প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।