কোৰোনা ভাইৰাছ পৰিকল্পিতভাৱে যদি চীনে বিশ্বজুৰি বিয়পাইছে পৰিণাম ভয়াৱহ হ’বঃ ডনাল্ড ট্ৰাম্প

কোৰোনা ভাইৰাছ পৰিকল্পিতভাৱে যদি চীনে বিশ্বজুৰি বিয়পাইছে পৰিণাম ভয়াৱহ হ’বঃ ডনাল্ড ট্ৰাম্প
ডনাল্ড ট্ৰাম্প

সমগ্ৰ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কোৰোনা ভাইৰাছে অধিক ভয়াৱহতাৰ সৃষ্টি কৰিছে বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকাত। ৩৯ হাজাৰতকৈ অধিক লোকৰ মৃত্যু ঘটা আমেৰিকাত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭লক্ষাধিক। এনে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এটাৰ পিছত আন এটাকৈ বিস্ফোৰক মন্তব্য আগবঢ়াবলৈ আৰম্ভ কৰিছে। চীনৰ পৰা সমগ্ৰ বিশ্বজুৰি বিয়পি পৰা কোৰোনা ভাইৰাছক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এইবাৰ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যদিহে কোৰোনা ভাইৰাছ পৰিকল্পিতভাৱে চীনে সমগ্ৰ বিশ্বজুৰি বিয়পোৱাৰ তথ্য তথা প্ৰমাণ পোৱা যায় তেন্তে দেশখনে ভয়াৱহ পৰিণামৰ সন্মুখীন হ’ব।

অৰ্থাৎ চীনক আক্ৰমণৰ লক্ষ্য কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে যে চীনৰ প্ৰয়োগশালাৰ পৰাই উৎপন্ন হৈছে কোৰোনা ভাইৰাছ। ইয়াৰ পূৰ্বে চীনৰ ৱুহান চহৰৰ মাংসৰ বজাৰৰ পৰা কোৰোনা ভাইৰাছৰ সৃষ্টি তথা উৎপন্ন হোৱাৰ দাবী কৰি অহা হৈছিল যদিও এইবাৰ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে চীনৰ প্ৰয়োগশালাৰ পৰা উৎপন্ন হৈছে কোৰোনা ভাইৰাছ। আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ এনে বাতৰিক আধাৰ হিচাপে লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে কোৰোনা ভাইৰাছক লৈ যদি চীন জগৰীয়া হয় তেন্তে দেশখনে পৰিণাম ভূগিব লাগিব। তেওঁ কয় চীনৰ সৈতে সম্বন্ধ তেতিয়ালৈ মধুৰ আছিল যেতিয়া ঘাটক কোৰোনা ভাইৰাছ সমগ্ৰ বিশ্বজুৰি বিয়পা নাছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে এইবুলিয়ো দাবী কৰিছে যে নিজ দেশত চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন প্ৰভাৱিত কৰিবলৈ বিচাৰিছে চীনে। যিহেতু চীনৰ প্ৰাক্তন উপৰাষ্ট্ৰপতিয়ে ডেমক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী জ’ বিডেনক সমৰ্থন আগবঢ়াইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জ’ বিডেন ডেমক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থীৰ দৌৰত সবাতোকৈ আগত আছে।

ট্ৰাম্পে দাবী কৰিছে যদিহে ডেমক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী গৰাকী আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰে তেন্তে আমেৰিকাৰ মালিক হৈ পৰিব চীন। ডনাল্ড ট্ৰাম্পে এইবুলিয়ো উল্লেখ কৰিছে যে তেওঁলোকৰ চৰকাৰৰ যোগাত্মক অৰ্থনৈতিক নীতিৰ বাবে চীনৰ পৰা বৃহৎ পৰিমাণৰ ধন আমেৰিকাই অৰ্জন কৰিবলৈ সক্ষম হৈছে।