ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি বোকাখাত মহকুমাত পোষণালয় উদ্বোধন :

ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত  সংগতি ৰাখি বোকাখাত মহকুমাত পোষণালয় উদ্বোধন :
Janasonyug

Aiidesh News  :  23 September 2023 : 

ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত  সংগতি ৰাখি বোকাখাত মহকুমাৰ বোকাখাত চাহ বাগিচাৰ শ্ৰমিকৰ ক্লাবঘৰত থকা আদর্শ অংগনবাড়ী কেন্দ্ৰক পোষণালয়লৈ উন্নীত কৰা হয় ৷ এই উপলক্ষে ২৩ ছেপ্তেম্বৰত গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্ৰকল্প বোকাখাতৰ উদ্যোগত বোকাখাত চাহ বাগিচাৰ এই আংগনবাদী কেন্দ্ৰতো আনুষ্ঠানিক ভাৱে পোষণালয়  উদ্বোধন কৰা হয় ৷ 

উল্লেখ্য যে বোকাখাত মহকুমাৰ চাহ বাগিচা সমূহত পুষ্টিহীন শিশুৰ সংখ্যা কমাবলৈ চাহ বাগিচাৰ কিছু অংগণৱাদী কেন্দ্ৰক  পোষণালয়লৈ ৰূপান্তৰ কৰাৰ কাম গোলাঘাট পশ্চিম সংহত শিশু উন্নয়ন প্ৰকল্প বোকাখাতৰ কাৰ্যালয়ে হাতত লৈছে । এই পোষণালয় বোৰৰ  জৰিয়তে চাহ বাগিচা অঞ্চলৰ অন্তৰ্গত পুষ্টিহীনতাত ভোগা শিশু সকলক আনুষ্ঠানিক প্ৰাক প্ৰাথমিক শিক্ষাৰ লগতে ৰাতিপুৱা পোষণ লাৰু আৰু দুপৰীয়া পোষণ ভোগ খাবলৈ দিয়াৰ পৰিকল্পনা কৰা হৈছে ৷ এই পুষ্টিকৰ খাদ্যক ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে পোষণ ভোগলৈ পৰিবৰ্তন কৰাৰো ব্যৱস্থা কৰা হৈছে । এই ভোগ সমূহ প্ৰস্তুত কৰোঁতে বিভাগৰ পৰা দিয়া তাৎক্ষণিকভাৱে প্ৰস্তুত কৰি খাবলৈ পৰা দাইল,চুজি আদিৰ লগত পুষ্টিকৰ খাদ্য সামগ্রী যোগ কৰি পোষণ ভোগ আৰু পোষণ লাৰু প্ৰস্তুত কৰি শিশু সকলক পৰিৱেশন কৰা হ'ব ।

আজি বোকাখাত চাহ বাগিছাত উদ্বোধন কৰা এনে এটা পোষণালয় উদ্বোধনী অনুষ্ঠানত জিলা সমাজ কল্যাণ বিষয়া দুদু দত্ত, বোকাখাত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া প্ৰনব বৰা, মহকুমা স্বাস্থ্য বিষয়া ডাঃ অজিত কাকতি, কৃষি পৰিদৰ্শক সত্যৰঞ্জন বৰুৱা,  বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা আদি বিশিষ্ট ব্যকেতি সকল উপস্থিত থাকে । 

বোকাখাত সংহত শিশু উন্নয়ন প্ৰকল্পৰ তৰফৰ পৰা জনোৱা মতে বোকাখাত মহকুমাত থকা মুঠ ১১০টা অংগনবাদী কেন্দ্ৰৰ ভিতৰত ৫ টা কেন্দ্ৰক এনে পোষণালয় লৈ উন্নীত কৰা হ'ব ।

*******