বোকাখাতত সদৌ চুতীয়া জাতি সম্মিলনৰ সভাপতিৰ সৈতে মত বিনিময়ৰ বিশেষ অনুষ্ঠান :
Aiidesh News : 11 November :
বোকাখাত জিলা চুতীয়া জাতি সম্মিলনৰ উদ্যোগত আজি বোকাখাতৰ সাধনী ভৱনত চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰ সাত লাখ টকাৰ ভৱন সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰে সদৌ চুতীয়া জাতি সন্মিলনৰ নৱনির্বাচিত সভাপতি বিবুল হাজৰিকাই । পৰৱৰ্তী সময়ত বোকাখাত জিলা চুতীয়া সম্মিলনৰ সভাপতি প্ৰতাপ চন্দ্র বৰাৰ সভাপতিত্বত আয়োজিত সভাত উদেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰশান্ত শইকীয়াই । সভাত জিলাৰ অন্তৰ্গত চুতীয়া জাতিৰ বিষয়ববীয়া, মহিলা গোট, যুৱ গোট, ছাত্র গোটৰ সদস্য আৰু বিষয়ববীয়া উপস্থিত থাকে । নৱ নির্বাচিত সভাপতি বিবুল হাজৰিকাৰ সৈতে মত বিনিময় কৰা এই সভাতে চুতীয়া জাতি সম্মিলনৰ কেন্দ্রীয় কাৰ্যকৰী সভাপতি মোহন বৰা, উপ সভাপতি জীৱন চুতীয়া, সম্পাদক যতীন পাঠক, দেউৰী চুতীয়া সাহিত্য সভাৰ সভাপতি প্ৰতাপ চন্দ্র নেওগ, জেষ্ঠ সাংবাদিক তথা বোকাখাত প্ৰেছ ক্লাবৰ সভপতি ভবানন্দ কলিতা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সূৱর্ণ শইকীয়া বৰদলৈ, বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া আদি উপস্থিত থাকে । বোকাখাত মহকুমাৰ কমাৰগাওঁৰ যুৱক গুৱাহাটী আই, আই, টিৰ সহযোগী অধ্যাপক ডঃ দেৱাঙ্গৰাজ নেওগক আজিৰ সভাতে চুতীয়া জাতি সম্মিলনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় । সভাৰ শেষত লাচিত কাকতিয়ে আয়োজক সমিতিৰ হৈ শলাগৰ শৰাই আগবঢ়ায় ৷
********
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
