আৰণ্যকৰ বিজ্ঞানী ড৹বিভূতি প্ৰসাদ লহকৰলৈ নেভিলি চুলমান আৰ্থৱাটচ বঁটা ২০২৪ - ২৫ ⵓ

আৰণ্যকৰ বিজ্ঞানী ড৹বিভূতি প্ৰসাদ লহকৰলৈ নেভিলি চুলমান আৰ্থৱাটচ বঁটা ২০২৪ - ২৫ ⵓ
Aiidesh Photo

Aiidesh News ⵓ 5 November 2024 ⵓ

দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ জেষ্ঠ বিজ্ঞানী হেৰিটেজ হিৰো বঁটাৰে অভিহিত ড৹ বিভূতি প্ৰসাদ লহকৰক প্ৰখ্যাত আৰ্থ ৱাটচ ইউৰোপৰ ২০২৪ - ২৫ বৰ্ষৰ নেভিলি চুলমান বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে ৷ ড৹ বিভূতি প্ৰসাদ লহকৰ হ'ল অই বঁটাৰ বাবে নিৰ্বাচিত প্ৰথম গৰাকী ভাৰতীয় নাগৰিক ৷ ড৹ বিভূতি প্ৰসাদ লহকৰ আৰণ্যকৰ হাতী সংৰক্ষণ আৰু গৱেষণা বিভাগৰ মুৰব্বী বিজ্ঞানী ৷ উত্তৰ পুৰ্বাঞ্চলত এচিয়াৰ হাতী সংৰক্ষণ আৰু হাতী মানুহৰ সংঘাত নিৰাময়ৰ বাবে তেওঁ আৰু তেওঁ সতীৰ্থই সুদীৰ্ঘ দিন ধৰি কাম কৰি আহিছে ৷

নেভিলি চুলমান আৰ্থৱাটচ বঁটাত ড৹ বিভূতি প্ৰসাদ লহকৰৰ কামৰ স্বীকৃতি প্ৰদানৰ লগতে সংৰক্ষণ ক্ষেত্ৰত আৰু অধিক কাৰ্য,গৱেষণা আৰু সংৰক্ষণত স্থানীয় লোকৰ অংশ গ্ৰহন নিশ্চিত কৰি বন আৰু প্ৰকৃতি সংৰক্ষণ কৰিব পৰাকৈ পুঁজিৰো যোগান ধৰিব ৷

***************