স্পেনিছ গাৰ্ডেনৰ পিচত বিলাসীপাৰা-ধুবুৰী-চাপৰত হ’ব ক’ৰোনাৰ ৰেণ্ডম টেষ্ট

স্পেনিছ গাৰ্ডেনৰ পিচত বিলাসীপাৰা-ধুবুৰী-চাপৰত হ’ব ক’ৰোনাৰ ৰেণ্ডম টেষ্ট

বৃহস্পতিবাৰৰ পৰা অসমত আৰম্ভ কৰা হয় ক’ৰোনা ৰেপিড টেষ্ট । প্ৰথম অৱস্থাত স্পেনিছ গাৰ্ডেনৰ মুঠ ১০০ গৰাকী লোকক এই টেষ্টিং কৰা হয় । লগতে ক’ৰোনা পজিটিভ ৰোগীকো ৰেপিড টেষ্টৰ জৰিয়তে পুনৰ পৰীক্ষা কৰি ইয়াৰ সত্যাসত্য তথা ফলাফলৰ শুদ্ধতাৰো প্ৰমাণ পোৱা যায় । শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি এইদৰে উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

বিশেষকৈ ধুবুৰী জিলাত ক্ৰমাগতভাৱে ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকা বিষয়লৈ লক্ষ্য ৰাখি আগন্তুক সময়ত ধুবুৰী চহৰৰ লগতে বিলাসীপাৰা আৰু চাপৰতো ক’ৰোনাৰ ৰেণ্ডম টেষ্ট সম্পন্ন কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ধুবুৰীত পোহৰলৈ অহা ক’ৰোনাত আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি অহা দেওবাৰে ১৫০ গৰাকী ব্যক্তিক ৰেণ্ডম টেষ্ট কৰা হ’ব ।