বিশ্বনাথ চাৰিআলিত ১৭ টা বৰ্ষ অতিক্ৰম কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ আৱাসিক প্ৰকৃতি শিৱিৰ সম্পন্ন :
Aiidesh News : 3 March - 2025 :
২০০৭ চনৰ চেপ্তেম্বৰ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা প্ৰকৃতি শিৱিৰৰ আয়োজন কৰা হৈছিল ৷ অনুষ্ঠানটোৰ নাম দিয়া হৈছিল Nature Orientation Initiative বা চমুকৈ NOI. উদেশ্য আছিল কাজিৰঙাৰ কাষৰীয় গাওঁৰ ছাত্ৰ ছাত্ৰীক নিৰ্বাচন কৰি এটা নিৰ্দিষ্ট স্থানত আয়োজন কৰা আৱাসিক শিৱিৰলৈ আনি বন আৰু প্ৰকৃতি সংৰক্ষণ বাবে প্ৰশিক্ষণ প্ৰদান কৰা ৷ কাজিৰঙাৰ কৰ্তৃপক্ষৰ আৰু বিভিন্ন প্ৰকৃতি সংগঠনৰ সহযোগত সফলভাৱে ৰূপায়িত হোৱা এই আৱসিক প্ৰকৃতি শিৱিৰৰ সফলতাৰ পিচতেই বিগত সময়ৰ প্ৰতি বছৰেই তিনিদিনৰ বাবে এই আৱাসিক প্ৰকৃতি শিৱিৰৰ অনুষ্ঠিত হৈ আহিছে ৷ ২৮ ফেব্ৰুৱাৰীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল আৰু শোনিতপুৰ পুৱ সংমণ্ডল উদ্যোগত বিশ্বনাথ চাৰিআলিৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ৰাজ্যিক প্ৰশিক্ষণ কেন্দ্ৰত এই প্ৰকৃতি শিৱিৰৰ ১৭ সংখ্যক শিৱিৰ অনুষ্ঠিত হৈছে ৷ তিনিদিনীয়া এই প্ৰকৃতি শিৱিৰ আজি সামৰণী পৰে ৷ বিশ্বনাথত অনুষ্ঠিত ১৭ সংখ্যক এই প্ৰকৃতি শিৱিৰত বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ চাৰিওটা বনাঞ্চল, শোনিৰুৰ পুৱ বনাঞ্চল আৰু বোকাখাত বনাঞ্চলৰ পৰা অহা ৩৮ জন ছাত্ৰই অংশ গ্ৰহন কৰিছে ৷
২৮ ফেব্ৰুৱাৰী পুৱা বিভিন্ন বনাঞ্চলৰ পৰা অহা এই ছাত্ৰ সকলক স্বাস্থ্য পৰীক্ষাৰ পিচতেই বিয়লিলৈ শিৱিৰৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ,আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, প্ৰকৃতি সংগঠন আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰ, বিশ্বনাথৰ ডি এফ অ’ খগেশ পেগু, শোনিতপুৰ পুৱ সংমণ্ডলৰ ডি এফ অ’ বিশ্বজ্যোতি দাস আৰু সমাজিক বনানিকৰণ বিভাগৰ ডি এফ অ’য়ে বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহন কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সঞ্চালক ড৹ সোনালী ঘোষে আদৰণী ভাষণ প্ৰদান কৰি সকলোকে প্ৰকৃতি শিৱিৰলৈ অহাৰ বাবে শুভেচ্ছা প্ৰদান কৰে ৷ সঞ্চালক গৰাকীৰ কাৰ্যালয়ৰ অধীক্ষক গীতাঞ্জলি কলিতাই আঁত ধৰা এই অনুষ্ঠানত আৰণ্যকৰ উদ্যোগত অংশগ্ৰহনকাৰী ছাত্ৰ সকলক বিভিন্ন শিক্ষণ সামগ্ৰীৰে একোটাকৈ বেগ আৰু কাজিৰঙাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা কাজিৰঙাৰ একোটাকৈ টুপী আৰু প্ৰকাশিত হাতপুথি প্ৰদান কৰা হয় ৷ অনুষ্ঠানত ২০০৭ বৰ্ষতে আৰম্ভ হোৱা এই প্ৰকৃতি শিৱিৰৰ আৰম্ভনী আৰু ১৭ বছৰীয়া ইতিহাস সকলোৰে আগত দাঙি ধৰে পৰিশেৱ কৰ্মী প্ৰকৃতি শিৱিৰটোৰ প্ৰতিষ্ঠাপক উত্তম শইকীয়াই ৷ এই অনুষ্ঠানতে কাজিৰঙা কৰ্তৃপক্ষই বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বাবে অনা পৰ্যটক নিব পৰা অত্যাধুনিক গাড়ী এখন বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ হাতেৰে প্ৰদান কৰে ৷ পৰৱৰ্তী সময়ত আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰে গঁড়ৰ বিষয়ে, বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড৹ অনুপম শৰ্মাই প্ৰকৃতি সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰাৰ বিপৰীতে আৰণ্যকৰ সমন্বয়ক আৰিফ হুছেইনে পক্ষী নিৰীক্ষণ সম্পৰ্কত আলোচনা কৰাৰ পিচতেই দিনটোৰ কাৰ্যসুচীৰ সামৰণী মৰা হয় ৷
১ মাৰ্চৰ পুৱাই শিৱিৰত অংশগ্ৰহন কৰা ছাত্ৰ সকলক বিহালী সংৰক্ষিত বনাঞ্চললৈ পক্ষী নিৰীক্ষণ বাবে লৈ যোৱা হয় ৷ বৰগাংৰ বনাঞ্চলিক বিষয়া চন্দন ৰাজখোৱাৰ নেতৃত্বতে বনকৰ্মী সকলে ছাত্ৰ সকলক বিহালীত পক্ষী নিৰীক্ষণত সহযোগ কৰে ৷ বিহালীতে পুৱাৰ আহাৰ গ্ৰহন কৰি পৰৱৰ্তী সময়ত দলটো গৈ বিশ্বনাথঘাটত থকা কাছ সংৰক্ষণৰ লগতে ক্ষেত্ৰ অধ্যয়ন কৰি গ্ৰামোন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰলৈ ওভতি আহে ৷ কেন্দ্ৰতে কাজিৰঙাৰ এই বিশেষ প্ৰকৃতি শিৱিৰৰ প্ৰতিষ্ঠাপক অৱসৰ প্ৰাপ্ত ভাৰতীয় বন সেৱাৰ বিষয়া উৎপল বৰাই ছাত্ৰ সকলৰ সৈতে অন্তৰংগ আলাপ কৰি বন, বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে সকলোকে উদ্বুদ্ধ কৰে ৷ ইয়াৰ পিচতে বিভিন্ন সমল ব্যক্তি ক্ৰমে ড৹ আব্দুল ৱাকিড, দেৱজিত মহন্ত, আদিত্য প্ৰসাদ আদিয়ে পাঠদান কৰে ৷
২ মাৰ্চৰ পুৱাতে ছাত্ৰ সকলক কাজিৰঙাৰ পানপুৰ বনাঞ্চললৈ লৈ যোৱা হয় ৷ বনাঞ্চলৰ শিলডুবি বনশিৱিৰত ছাত্ৰ সকলৰ সৈতে বনাঞ্চলিক বিষয়া উৎপল বৰাই মতবিনিময় কৰে ৷ পানপুৰ বনাঞ্চলৰ পৰা ছাত্ৰৰ দলটোক কন্যকা বহুমুখী কৃষি পামলৈ লৈ যোৱা হয় ৷ কন্যকাতে ক্ষেত্ৰ অধ্যয়নৰ লগতে সমল ব্যক্তি আৰণ্যকৰ ড৹ দেৱ দত্তই ছাত্ৰৰ দলটোৰ সৈতে বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কত মত বিনিময় কৰাৰ উপৰিও চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকায়ো মত বিনিময় কৰে ৷ বিধায়ক গৰাকীৰ উদ্যোগতে কন্যকাতে সকলোকে দুপৰীয়াৰ আহাৰ পৰিবেশন কৰা হয় ৷ পৰৱৰ্তী সময়ত ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ জেষ্ঠ পশু চিকিৎসক ডা৹ পানজিত বসুমতাৰীয় বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণ, বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড৹ প্ৰনৱ জ্যোতি বৰাই উদ্ভিদ চিনাক্তকৰণ, শোনিত কুমাৰ দাসে বাঘ সংৰক্ষণ , ডেভিদ স্মিথে হাতী মানুহৰ সংঘাত, ড৹ হিতেন বৈশ্যই হাতীৰ ব্যৱহাৰ আৰু প্ৰনয় মহন্তই বিহালী অভয়াৰণ্য বিষয়ে মনোজ্ঞ আলোচনা আগবঢ়ায় ৷
সন্ধ্যালৈ গ্ৰামোন্নয়ন বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰক্ষাগৃহতে তিনিদিনীয়া এই প্ৰকৃতি শিৱিৰৰ সামৰণী সমাৰোহ অনুষ্ঠিত হয় ৷ অনুষ্ঠানত বিশ্বনাথ বন সংমণ্ডলৰ ডি এফ অ’ খগেশ পেগু, কাজিৰঙাৰ অধীক্ষক গীতাঞ্জলি কলিতা পৰিবেশ কৰ্মী উত্তম শইকীয়া, আৰন্যকৰ জেষ্ঠ সমন্বয়ক ড৹ হিতেন বৈশ্য, বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক নীৰজ কাকতি আৰু পৰিৱেশ কৰ্মী বাবুলি হাজৰিকা উপস্থিত থাকে ৷ আৰণ্যকৰ আৰিফ হুছেইন আৰু বিশ্ব প্ৰকৃতি নিধিৰ ত্ৰিদীপ শৰ্মাই আঁত ধৰা এই অনুষ্ঠানতে তিনিদিনীয়া এই আৱাসিক প্ৰকৃতি শিৱিৰত অংশগ্ৰহন কৰা ছাত্ৰ সকলক মানপত্ৰ প্ৰদান কৰা হয় ৷ অনুষ্ঠানৰ শেষত আৰণ্যকৰ আৰিফ হুছেইনে উদ্যোগতাহৈ প্ৰকৃতি শিৱিৰৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷
আজি পুৱা বিশ্ব বন্যপ্ৰাণী দিৱসৰ বিশেষ কাৰ্যসুচীৰে ১৭ বাৰ্ষিক প্ৰকৃতি শিৱিৰৰ সামৰণী পৰে আৰু বিশ্বনাথ চাৰিআলিৰ অনুষ্ঠান থলীৰ পৰা অংশগ্ৰহন কৰা ছাত্ৰ সকলে নিজ নিজ স্থানলৈ যাত্ৰা কৰে ৷
************