দলে টিকট প্ৰদান কৰিলে মই পুণৰ কলিয়াবৰৰ সাংসদ হ'ম : কলিয়াবৰ থাকি যাব কংগ্ৰেছৰেই হাতত : বোকাখাতত কৃৰ্তিমান ছাত্ৰ ছাত্ৰীৰ দলীয় অভিনন্দন অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ :

দলে টিকট প্ৰদান কৰিলে মই পুণৰ  কলিয়াবৰৰ সাংসদ হ'ম  : কলিয়াবৰ থাকি যাব কংগ্ৰেছৰেই হাতত : বোকাখাতত কৃৰ্তিমান ছাত্ৰ ছাত্ৰীৰ দলীয় অভিনন্দন অনুষ্ঠানত সাংসদ গৌৰৱ গগৈ  :
Aiidesh Photo

Aiidesh News  : 14 June  2023  :

দেশত হ'ব কংগ্ৰেৰ চৰকাৰ । কৰ্ণাটকৰ নিৰ্বাচনৰ পিচত বহু দলে আমাৰ লগত যোগাযোগ কৰি বিজেপি চৰকাৰক বিদায় দিবলৈ সাজু হৈছে ।  কলিয়াবৰ দখলৰ বাবে বিজেপিয়ে চলোৱা সকলো চেষ্টা অথলে যাব । বহু বিজেপি লোকে এইবাৰ আমাক জয়ী হোৱাত সহায় কৰিব । আমাক কথা দিছে - বোকাখাতত এই মন্তব্য কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ । বোকাখাত সমষ্টিৰ কুৰুৱাবাহীত স্থানীয় যুৱক যংঘৰ নাট্য মন্দিৰত সোমাবাৰে বোকাখাত মণ্ডল কংগ্ৰেছৰ উদ্যোগত মহিলা কংগ্ৰছ, যুৱ কংগ্ৰেছ আৰু এন এচ ইউ আইৰ  সহযোগত কুৰুৱাবাহী অঞ্চলৰ কৃৰ্তিমান ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত অংশ গ্ৰহন কৰি এইদৰে কয় সাংসদ গৌৰৱ গগৈয়ে । 

সাংবাদিক সৈতে হোৱা মত বিনুময়ত ১৬ জুনত কলিয়াবৰ দখলৰ বাবেই লোকসভাৰ অন্তৰ্গত কেওটা বিধানসভা সমষ্টিৰ কৰ্মীক লৈ মৰঙিত ভাৰতীয় জনতা পাৰ্টীয়ে আয়োজন কৰা বিশাল সমাবেশৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয় যে প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহক তাৰ পাছত আহক অমৃত শ্বাহ । কিন্তু কলিয়াবৰ থাকি যাব কংগ্ৰেছৰ হাতত । যদি দলে মোকেই টিকট দিয়ে ময়েই হ'ম কলিয়াবৰ সাংসদ বুলিও তেওঁ মন্তব্য কৰে ৷

বোকাখাত মণ্ডল কংগ্ৰেছৰ দ্বাৰা আয়োজিত এই অভিনন্দন অনুষ্ঠানত পৌৰহিত্য কৰে মণ্ডল কংগ্ৰেছৰ সভাপতি বুবুল শইকীয়াই । অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বলো বৰাই । নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে সাংবাদিক বুবুল দত্তই । সভাত সাংসদ গৌৰৱ গগৈ, দলৰ গোলাঘাট জিলাৰ সভাপতি দাদু টায়ে, যুৱ নেতা জিতু শইকীয়া,বিপুল দাস, ,ব্লক কংগ্ৰেছৰ সভাপতি সীমান্ত শইকীয়াই, জুম্মা খান, মমতা গগৈ, হৰি শইকীয়া, ধৰ্মেশ্বৰ কুৰ্মী, মামণি দলে , ৰাজেন্দ্ৰ নিমোদিয়াকে ধৰি ভালেসংখ্যক নবীন প্ৰবীন কংগ্ৰেছ কৰ্মী উপস্থিত থাকে । অভিনন্দন অনুষ্ঠানত অঞ্চলটোৰ ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীক অভিনন্দন পত্ৰ, গামোচা, একোটাকৈ গছ পুলি  প্ৰদান কৰা হয় ।

*********