ডিব্ৰুগড়ৰৰ ঐতিহাসিক ফুলামপুৰ বৰ নামঘৰত চোৰৰ হাতুৰা

ডিব্ৰুগড়ৰৰ ঐতিহাসিক ফুলামপুৰ বৰ নামঘৰত চোৰৰ হাতুৰা

ঐতিহাসিক ফুলামপুৰ বৰ নামঘৰ। 

নিশা চোৰে লুটি নিলে বহু লক্ষাধিক টকাৰ সোন আৰু ৰূপৰ আ অলংকাৰ, নগদ ধন। তদুপৰি কেইবাখনো শাস্ত্ৰ ভাগৱতো লগত লৈ উধাও হয়। উল্লেখ্য যে স্থানীয় ঘোঁৰামৰা আৰক্ষীৰ দুৰ্বলতাৰ বাবেই অঞ্চলৰ দিনক দিনে চুৰিজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। আৰক্ষীয়ে নিশাৰ ভাগত নিয়মীয়া তহল দিয়াৰ ব্যৱস্থা কৰিব লাগে যদিও সন্ধিয়াৰ লগে লগে ঘোৰ নিদ্ৰাত মচগুল হৈ পৰে। যাৰ বাবে নিশাৰ সান্ধ্য আইনৰ সুযোগ লৈ নিবিঘ্নে চুৰি কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীক অবগত কৰাৰ পাছতো আৰক্ষীয়ে বৰ্তমানলৈকে চোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।