লক ডাউনৰ মাজতে মৰিয়নীত অঘটন

 

মৰিয়নী নিউসোনোৱাল খণ্ড বন বিষয়াৰ গৃহত কৰ্মৰত যুৱক বিদ্যুত প্ৰবাহিত হৈ আহত হয় । সংকট জনক অৱস্থাত যুৱক জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। খণ্ড বন বিষয়া নৱজিৎ বৰাৰ গঙ্গাপুৰৰ নৱনিৰ্মিত গৃহত কৰ্মৰত আছিল যোৰহাটৰ জিতু হাজৰিকা নামৰ যুৱক জন ৷স্থানীয় লোকৰ অভিযোগ অনুসৰি বন বিষয়া গৰাকীয়ে বন্ধৰ মাজত কি দৰে গৃহ নিৰ্মাণৰ কামত শ্ৰমিকজনক নিয়োগ  কৰি ৰাখিছিল ।  লগতে বন বিষয়া গৰাকীয়ে স্থানীয় পঞ্চায়তৰ পৰা কোনো অনুমতি নোলোৱাকৈ ৩৩ হাজাৰ ভল্টৰ বিদ্যুত তাঁৰৰ তলত বিপদসংকুল ভাৱে নিৰ্মাণ কৰিছে তেওঁৰ গৃহটো ৷