বোকাখাত মহকুমাৰ ডিফলু চাহ বাগিচাত নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ : পাৰস্পৰিক যুঁজতে মৰা বুলি সন্দেহ নাহৰফুটুকী বাঘটো :

বোকাখাত মহকুমাৰ ডিফলু চাহ বাগিচাত নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ  : পাৰস্পৰিক যুঁজতে মৰা বুলি সন্দেহ নাহৰফুটুকী বাঘটো  :
Aiidesh Photo

বোকাখাত মহকুমাৰ ডিফলু চাহ বাগিচাত নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ  : পাৰস্পৰিক যুঁজতে মৰা বুলি সন্দেহ নাহৰফুটুকী বাঘটো  : 

Aiidesh News  : 24 April 2023  : 

বোকাখাতৰ ডিফলু চাহ বাগিচাৰ ৪ নম্বৰ বাগিচাত সোমবাৰৰ বিয়লি স্থানীয় লোকে এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰে ৷ বাঘটো চাহ গছৰ মাজত থকা এটা নলাত মুৰটো পেলাই পৰি থকা অৱস্থাত প্ৰতক্ষ্য কৰি স্থানীয় লোকে বন বিভাগক অৱগত কৰে ৷ বাঘটোৰ দুদিনৰ আগতেই মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷ বাঘটোৰ শৰীৰৰ বাও বাহুত এটা গঙীৰ ক্ষত চিন আছে ৷ বিয়লি বিধিগত ভাৱে নাহৰফুটুকী বাঘৰ মৃতদেহটো সংগ্ৰহ কৰি পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত বনাঞ্চলৰ বনকৰ্মীয়ে বোকাখাতৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ 

সোমবাৰৰ বিয়লি বাঘৰ মৃতদেহ সংগ্ৰহ কৰি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ আনোতেই সন্ধ্যা হৈ যোৱাৰ বাবে মৃত বাঘটোৰ মৰোনোত্তৰ পৰীক্ষা মঙ্গল বাৰৰ পুৱাতেই কৰা হ'ব বুলি জানিবলৈ দিয়ে কেন্দ্ৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীয়ে ৷ নাহৰফুটুকী বাঘটো পাৰস্পৰিক যুঁজতেই মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ কৰিলেও মৰোনোত্তৰ পৰীক্ষাৰ পিচতহে মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হ'ব বুলিও জনায় পশুচিকিৎসক গৰাকীয়ে  ৷

উল্লেখ্য যে ইয়াৰ পুৰ্বতেও ডিফলু বাগিচাত বিহ ক্ৰিয়া, পাৰস্পৰিক যুঁজৰ লগতে মানুহে পতা চিটিকাতো নাহৰফুটুকী বাঘৰ মৃত্যু হৈছিল ৷ 

********