বোকাখাতৰ খেল পথাৰত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বার্ষিক কেন্দ্রীয় ক্রীড়া সমাৰোহৰ শুভাৰম্ভ : স্মৃতিগ্ৰন্থ উন্মোচন :

Aiidesh News : 24 December - 2023 :

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ শিক্ষা শাখা সমিতিৰ উদ্যোগত কেন্দ্রীয় সেৱা বাহিনীৰ সহযোগত আৰু বোকাখাত জিলা শাখাৰ আতিথ্যত বোকাখাতৰ ৰাজহুৱা খেলপথাৰত প্রথম বার্ষিক কেন্দ্রীয় ক্রীড়া সমাৰোহ আজিৰে পৰা আৰম্ভ হৈছে ৷ ডিচেম্বৰ মাহৰ ২৩, ২৪ আৰু ২৫ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই ক্ৰীড়া সমাৰোহৰ আজি উদ্বোধনী অনুষ্ঠানৰ পুৱা পৰিৱেশ নিকাকৰণ আৰু নাম-প্রসঙ্গৰ পিচতেই  পতাকা উত্তোলন কৰে শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই ৷ পৰৱৰ্তী সময়ত ক্ৰীড়া সমাৰোহত অংশগ্ৰহন কৰা বিদ্যালয়ৰ সমুহৰ ছাত্ৰ-ছাত্ৰী সকলে মার্চ পাষ্ট প্রদর্শন কৰে ৷ ইয়াৰ পিচতেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্রথম বার্ষিক কেন্দ্রীয় ক্রীড়া সমাৰোহ উদ্বোধনী কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্রধান সম্পাদক কুশল ঠাকুৰীয়াই ৷ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই  পৌৰহিত্য কৰা উদ্বোধনী অনুষ্ঠানতে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এটা ৱেব ছাইট আৰু এখন স্মৃতিগ্ৰন্থও মুকলি কৰে ৷ ৱেব চাইট মুকলি কৰে পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা আৰু ক্ৰীড়াঙ্গন নামৰ স্মৃতিগ্ৰন্থ খন উন্মোচন কৰে  শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ সম্পাদক ড০ মানস প্রতিম বৰাই ৷ 

আজি পুৱাৰ অনুষ্ঠানত শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ-পদাধিকাৰ চক্ৰধৰ সোনোৱাল, অসম কাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকন,  বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, চৰকাৰী কৰ্মচাৰী সন্থাৰ বোকাখাত শাখাৰ সম্পাদক অসীম বৰা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভাপতি সুৱৰ্ণ শইকীয়া বৰদলৈ, আছু গোলাঘাট জিলাৰ সভাপতি গীতাৰ্থ শইকীয়াৰ উপৰিও বিভিন্ন দল সংগঠন আৰু শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদবীধাৰী বিষয় ববীয়াৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ ছাত্ৰী উপস্থিত থাকে ৷ পৰৱৰ্তী সময়ত জয়শ্ৰী নাথে অলিম্পিক শিখা প্ৰজ্বলন কৰাৰ লগে লগেই তিনিদিনীয়া এই ক্ৰীড়া সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতা আৰম্ভ হয় ৷

ইফালে শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ এই ক্ৰীড়া সমাৰোহৰ ২৩ ডিচেম্বৰত আয়োজিত অনুষ্ঠানত মূল তোৰণ উন্মোচন কৰে বোকাখাতৰ সমাজকৰ্মী মহাবীৰ প্ৰসাদ আগ্ৰৱালে ৷ প্ৰতিনিধিৰ শিৱিৰ মুকলি কৰে বোকাখাতৰ বিশিষ্ট ক্রীড়া সংগঠক সুবোধ বৰাই ৷ উল্লেখ্য যে ২৫ ডিচেম্বৰৰ বিয়লিলৈ শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাতত অনুষ্ঠিত এই ক্ৰীড়া সমাৰোহৰ সামৰণী পৰিব ৷

*********