উজনিৰ জনপ্ৰিয় বৰকটকী কেলেণ্ডাৰ নাই,হতাশ বহুজন

উজনিৰ জনপ্ৰিয় বৰকটকী কেলেণ্ডাৰ নাই,হতাশ  বহুজন

 ব’হাগৰ প্ৰথম দিনটোৰে পৰা অসমীয়াই  বিশেষ অভাৱ অনুভৱ কৰিছে ‘বৰকটকী কোম্পানীৰ দেৱাল পঞ্জিকা’ খনৰ। প্ৰতিবাৰ ব’হাগৰ আৰম্ভণিতে অসমীয়াই নতুন বছৰটো কেনেদৰে যাব, তিথি, দিন বাৰ এইবাৰ কি পৰিছে আদি পৰম্পৰা অনুসৰি চাবলৈ ব্যৱহাৰ কৰে  ‘বৰকটকী কোম্পানীৰ দেৱাল পঞ্জিকা’খন। কিন্তু এইবাৰ ল’ক ডাউনৰ ফলত ইয়াৰ পৰা বঞ্চিত হ’ল অসমীয়া। বিশেষকৈ উজনি অসমত অতিকৈ জনপ্ৰিয় বৰকটকী কোম্পানীৰ কেলেণ্ডাৰখন।

এইবাৰ লকডাউনৰ বাবে প্ৰকাশ পোৱা নাই বৰকটকী কোম্পানীৰ অসমীয়া কেলেণ্ডাৰখন। সাধাৰণতে প্ৰতি বছৰে মাৰ্চৰ শেষৰ সপ্তাহটোৰ পৰাই বজাৰত উপলব্ধ হৈ পৰে এই জনপ্ৰিয় অসমীয়া দেৱাল পঞ্জিকাখন । প্ৰধানকৈ উজনি অসম তথা শেহতীয়াকৈ গুৱাহাটীটো জনপ্ৰিয় হৈ পৰা এই অসমীয়া কেলেণ্ডাৰখনৰ ১০ লাখতকৈয়ো অধিক কপি প্ৰকাশ পাই আহিছে । বিদেশত থকা অসমীয়াৰ মাজতো জনপ্ৰিয় এই কেলেণ্ডাৰখন।