কাজিৰঙা নিউজ নেটৱৰ্কৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱস : কাজিৰঙা বঁটা - ২০২২ প্ৰদান :

কাজিৰঙা নিউজ নেটৱৰ্কৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱস : কাজিৰঙা বঁটা - ২০২২ প্ৰদান  :
Aiidesh Photo

Aiidesh News : 21 March  :

বোকাখাতৰ অগ্ৰণী অনুষ্ঠান কাজিৰঙা নিউজ নেটৱৰ্কৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কাজিৰঙা বঁটা ২০২২ যোৱা ১৯ মাৰ্চ দেওবাৰে প্ৰদান কৰা হয় ৷ বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত সাংবাদিক, সু-সংগঠক প্ৰদ্যুত মহন্ত সোঁৱৰণী জিলা ভিত্তিত শ্ৰেষ্ঠ সাংবাদিক বঁটা অসমীয়া প্ৰতিদিন কাকতৰ সৰুপথাৰৰ সাংবাদিক দ্বীপেন কুমাৰ বৰাক , শিক্ষাবিদ, সাহিত্যিক সুৰেশ চন্দ্ৰ ফুকন সোঁৱৰণী  জিলা ভিত্তিত নবীন সাহিত্য বঁটা দেৰগাঁৱৰ কবি, সাহিত্যিক, শিক্ষয়িত্ৰী অংকুৰিতা ফুকনক, শিক্ষাবিদ ডিম্বেশ্বৰ শইকীয়া সোঁৱৰণী  জিলা ভিত্তিত শৈক্ষিক বঁটা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত সৰুপথাৰৰ স্নেহা শইকীয়াক, শিক্ষাবিদ মহেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী জিলা ভিত্তিত শৈক্ষিক বঁটা উচ্চতৰ মাধ্যমিকত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত গোলাঘাটৰ ৰাস্না গগৈক আৰু সাংস্কৃতিক কৰ্মী ধনিল বৰঠাকুৰ সোঁৱৰণী  অসম ভিত্তিত সাংস্কৃতিক বঁটা বোকাখাতৰ অভিনেতা, কবি, নাট্যকাৰ, পৰিচালক অমৰ শৰ্মাক প্ৰদান কৰা হয় ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰাপক সকলক সম্বৰ্ধনা পত্ৰ, চেলেং চাদৰ , স্মাৰক, জাপি, কিতাপৰ টোপোলা আৰু নগদ ধনেৰে সম্বৰ্ধনা জনোৱা হয় ৷

*****