বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান শাখাত সর্বোচ্চ নম্বৰেৰে উজ্বলিল আয়ুস্মিত ৰাজ কাশ্যপ :

বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিজ্ঞান শাখাত সর্বোচ্চ নম্বৰেৰে উজ্বলিল আয়ুস্মিত ৰাজ কাশ্যপ :
Aiidesh Photo

Aiidesh News :  2 May - 2026 :

সদ্য ঘোষিত উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বোকাখাত চন্দ্ৰনাথ বেজবৰুৱা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বিজ্ঞান শাখাৰ ছাত্ৰ আয়ুস্মিত ৰাজ কাশ্যপে ৯০.৮০ শতাংশ নম্বৰেৰে আটাইকেইটা বিষয়তে লেটাৰ নম্বৰলৈ প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হয় ৷ উল্লেখ্য যে বোকাখাত চন্দ্ৰনাথ বেজবৰুৱা চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বিজ্ঞান শাখাৰ  সর্বোচ্চ নম্বৰ প্ৰাপক শিক্ষার্থী হিচাপেও বিবেচিত হৈছে আয়ুস্মিত ৰাজ কাশ্যপ ৷ বোকাখাত লোকনিৰ্মান বিভাগৰ কনিষ্ঠ অভিযন্তা ৰাজীৱ কলিতা আৰু কমাৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ দীপশিখা কলিতাৰ একমাত্ৰ পুত্ৰ আয়ুস্মিত ৰাজ কাশ্যপে ইংৰাজীত ৯১, বিকল্প ইংৰাজীত ৯১, পদাৰ্থ বিজ্ঞানত ৯৬, উদ্ভিদ বিজ্ঞানত ৯২, ৰসায়ন বিজ্ঞানত ৮৪ নম্বৰ সহ মুঠ ৫০০ নম্বৰ ভিতৰত ৪৫৪ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ৷ ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে আয়ুস্মিত ৰাজ কাশ্যপে ৷ মেধাৱী শিক্ষার্থী গৰাকীৰ এনে সফলতাত স্থানীয় ৰাইজৰ লগতে  পৰিয়ালবৰ্গ উৎফুল্লিত হৈ পৰিছে ৷ বিভিন্নজনে শুভেচ্ছাও জনাইছে আয়ুস্মিত ৰাজ কাশ্যপক ।

*********