কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন :

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন :
Photo : Uttam Saikia
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন :

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী পুনৰসংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন :


AIIDESH NEWS.28 August :


২০০২ চনৰ ২৮ আগষ্টত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰীত প্ৰতিষ্ঠা হোৱা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত আজি কেন্দ্ৰটোৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷  আজি আনুষ্টুপীয়াকৈ কেন্দ্ৰটোত অনুষ্ঠিত হয়  কেন্দ্ৰটোৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে দিয়া আদৰণী ভাষণেৰ আৰম্ভ হোৱা আজিৰ অনুষ্ঠানত কেন্দ্ৰৰ পৰিচালক তথা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ড৹ ৰথীন বৰ্মনে কেন্দ্ৰটোৰ ১৮ বছৰীয়া ইতিহাসৰ সচিত্ৰ উপস্থাপন দাঙি ধৰে ৷ ড৹ ৰথীন বৰ্মনে দিয়া তথ্য মতে উত্তৰ পুৰ্বাঞ্চলৰ অন্যতম এই কেন্দ্ৰটোয়ে ভাৰতত প্ৰথম বাৰৰ বাবে এশিঙীয়া গঁড় পুনৰ সংস্থাপন কৰিছিল আৰু আজিলৈকে মুঠ ১৯ টা গঁড় বনাঞ্চলত পুনৰ সংস্থাপন কৰে ৷ ইয়াৰ উপৰিও হাতী , ভালুক , গধোৱা নাহৰফুটুকী, মাটি গাহৰিকে ধৰি বহু বন্যপ্ৰাণী কেন্দ্ৰীয় প্ৰটক'ল মতে পুনৰ সংস্থাপন কৰিছে ৷ ভাৰতৰ আগশাৰীৰ সন্থা ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই অসমৰ বন বিভাগ আৰু ইন্টাৰনেচনেল ফাণ্ড ফৰ এনিমেল ৱেলফেয়াৰৰ সহযোগত স্থাপিত কাজিৰঙাৰ এই কেন্দ্ৰটোয়ে অকল বন্যপ্ৰাণী পুনৰ সংস্থাপন কৰাৰ উপৰিও জন সজাগতাৰ বাবে এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ৪২০ গৰাকী ছাত্ৰ ছাত্ৰী, বিভিন্ন বন সংমণ্ডলৰ পৰা অহা ৪৭০ গৰাকী বনকৰ্মী আৰু বিভিন্ন গাঁৱৰ পৰা অহা ৫৮০ গৰাকী লোকক বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰশিক্ষণো দিয়ে ৷
কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ আজিৰ প্ৰতিষ্ঠা দিৱসত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ , ডি এফ অ'  ৰমেশ কুমাৰ গগৈ , নামেৰীৰ ডি এফ অ' পংকজ শৰ্মা , বিশ্বনাথৰ ডি এফ অ' মুকুট চন্দ্ৰ দাস , নগাওঁৰ ডি এফ অ অৰুণ বিঘ্নেশ,কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা , গোলাঘাট জিলাৰ অ'নাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াকে ধৰি ভলে সংখ্যক ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানত অসমত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন সম্পৰ্কত সংবাদ মাধ্যমৰ গুৰুত্ব আৰু আগত দিনত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ কৰনীয় সম্পৰ্ক আলোচনা কৰা হয় ৷