বোকাখাততো ৰিমালৰ ভয়ংকৰ ৰূপ : ক্ষতিগ্ৰস্ত জনজীৱন : যানবাহনৰ ক্ষতি : গছ পৰি যাতায়ত ব্যাহত :

বোকাখাততো ৰিমালৰ ভয়ংকৰ ৰূপ  : ক্ষতিগ্ৰস্ত জনজীৱন  : যানবাহনৰ ক্ষতি  : গছ পৰি যাতায়ত ব্যাহত :
Aiidesh Photo

Aiidesh News  : 28 May - 2024  : 

বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপে সৃষ্টি কৰা ৰিমাল নামৰ ঘূৰ্ণী বতাহে বাংলাদেশ,  পশ্চিম বংগ আৰু মেঘালয়ৰ লগতে অসমকো প্ৰভাৱিত কৰিছে ৷ তীব্ৰ গতিৰ ধুমুহাৰ লগতে মষুলধাৰ বৰষুণে ৰাজ্যখনত আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে ৷ ধুমুহা বৰষুণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাখাততো জনজীৱন বিপন্ন হৈ পৰে ৷ পুৱাতেই বোকাখাতৰ শিক্ষানুষ্ঠান সমুহ আৰম্ভ হৈছিল যদিও বতৰৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে এক জৰুৰী নিৰ্দেশ যোগে তাৎক্ষণিক ভাৱে বিদ্যালয় সমূহ ছুটী দিবলৈ দিয়া নিৰ্দেশ বাবে বোকাখাতৰ বিদ্যালয় সমূহৰ পাঠদান বন্ধ কৰি  ছুটি দিয়া হয় । ইফালে দিনতো হোৱা ধুমুহাৰ ফলত আজি বোকাখাত পাঞ্জাব নেশ্যনেল বেংকৰ সন্মুখত নগৰখনৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গছ উভালি পৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে লগতে বোকাখাত উপ জিলাৰ বিভিন্ন স্থানত গছ পৰি যান বাহনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে মুষলধাৰ বৰষুণৰ ফলত বোকাখাতৰ মেথনি, লতাবাৰীৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গছ পৰি যাতায়ত ব্যাহত হয়, আবদ্ধ হৈ পৰে এম্বুলেন্সো । পাচত স্থানীয় লোকে গছ আঁতৰাই পথ মুকলি কৰে । অনুৰূপ গছ পৰি পথ বন্ধ হোৱাৰ ঘটনা নগৰখনৰ ১০ নং ৱাৰ্ডৰ ৩ নং দ গাঁও অঞ্চলতো ঘটে, ইয়াতো এম্বুলেন্স আবদ্ধ হৈ পৰে । স্থানীয় লোকৰ প্ৰচেষ্টাত এই পথ মুকলি কৰা হয় । নুমলীগড়ৰ তেলগৰমতো ধুমুহাত ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি আহিছে । বোকাখাত নগৰৰ বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখতো ধুমুহাৰ তাণ্ডব দেখা গ'ল । বোকাখাত হিন্দী হাইস্কুলৰ সন্মুখত ধুমুহাত গছ পৰি এখন বাহন ক্ষতিগ্ৰস্ত হয় । গছ পৰি ভাগিছে বোকাখাতৰ খতিয়াখলি এম ই স্কুলৰ ডিজিটেল কোঠা । উপ জিলাখনৰ বিভিন্ন আবাসিক অঞ্চলত বহু ঘৰৰ টিং ধুমুহাই মোহাৰি পেলোৱাৰ ফলত জন সাধাৰণ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে সাধাৰণ জন জীৱন ব্যাহত হোৱাৰ বাতৰি আহিছে । ভাগিছে বাৰীৰ মূল্যৱান গছ-গছনিও । উপ জিলাখনৰ বিভিন্ন স্থানৰ পৰা বহু ক্ষয় ক্ষতিৰ বাতৰি আহি আছে যদিও কোনো ধৰণৰ প্ৰাণ হানিৰ বাতৰি অৱশ্যে এই পৰ্যন্ত অহা নাই। আজি বোকাখাত উপজিলাখনৰ লগতে বোকাখাত নগৰত ধুমুহাৰ ফলতে বিদ্যুতৰ তাঁৰ চিগি বৰ্তমানো বিদ্যুৎ যোগান ব্যাহত হৈ আছে। 

***********