নির্বাচন সুচাৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে গোলাঘাট নির্বাচনী জিলাত প্ৰশাসনৰ প্ৰস্তুতি : ১১৫৮ টা ভোট গ্ৰহন কেন্দ্ৰত ৯,০২,৬৫৭ গৰাকী ভোটাৰে মতদানৰ সুবিধা পাব :

নির্বাচন সুচাৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে গোলাঘাট নির্বাচনী জিলাত প্ৰশাসনৰ প্ৰস্তুতি : ১১৫৮ টা ভোট গ্ৰহন কেন্দ্ৰত  ৯,০২,৬৫৭ গৰাকী ভোটাৰে মতদানৰ সুবিধা পাব :
Photos - Janasanyug,Bokhkhat
নির্বাচন সুচাৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে গোলাঘাট নির্বাচনী জিলাত প্ৰশাসনৰ প্ৰস্তুতি : ১১৫৮ টা ভোট গ্ৰহন কেন্দ্ৰত  ৯,০২,৬৫৭ গৰাকী ভোটাৰে মতদানৰ সুবিধা পাব :
নির্বাচন সুচাৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে গোলাঘাট নির্বাচনী জিলাত প্ৰশাসনৰ প্ৰস্তুতি : ১১৫৮ টা ভোট গ্ৰহন কেন্দ্ৰত  ৯,০২,৬৫৭ গৰাকী ভোটাৰে মতদানৰ সুবিধা পাব :

Aiidesh News : 8 April - 2026 :

অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে ৯ এপ্রিলত ভোটগ্ৰহন সুচাৰুৰূপে সম্পন্ন কৰাৰ লক্ষ্যৰে গোলাঘাট নির্বাচনী জিলাত সকলো প্রস্তুতি প্রায় সম্পূর্ণ হৈছে জিলা প্রশাসনে ব্যৱস্থা গ্রহণ কৰিছে বুলি জনাইছে । গোলাঘাট জিলাৰ পাঁচটা বিধানসভা সমষ্টি ক্ৰমে ১০৩ নং গোলাঘাট, ১০৪ নং দেৰগাঁও, ১০৫ নং বোকাখাত, ১০৬ নং খুমটাই আৰু ১০৭ নং সৰুপথাৰ বিধানসভা সমষ্টিত বিভিন্ন দলৰ প্রার্থীয়ে মনোনয়ন দাখিল আৰু গৃহীত  হোৱাৰ পিচত গোলাঘাট বিধানসভা সমষ্টিত অজন্তা নেওগ, বিতোপন শইকীয়া আৰু ৰুবুল বৰায়ে, খুমটাই সমষ্টিত আশীষ হাজৰিকা, মৃণাল শইকীয়া, ৰ’জলিনা তিৰ্কী, অমিত নাগ আৰু ভদ্ৰেশ্বৰ দুচাদে, সৰুপথাৰ বিধানসভা সমষ্টিত বিশ্বজিৎ ফুকন, জীৱন চুতীয়া আৰু চাহিল মুণ্ডায়ে, বোকাখাত সমষ্টিত অতুল বৰা, বিবেকানন্দ ৰাজোৱাৰ,  হৰি প্ৰসাদ শইকীয়া, জিতেন গগৈ, প্রণৱ দলে আৰু হেমন্ত দলৈৰ বিপৰীতে  দেৰগাঁও বিধাসভা সমষ্টিত পুলিন গগৈ, মৃদুল কুমাৰ দত্ত আৰু সাগৰিকা বৰাই নিৰ্বাচনী প্ৰতিদ্বন্দিতা অৱতীৰ্ণ হৈছে ।

গোলাঘাট জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত মুঠ ১১৫৮ টা ভোট কেন্দ্ৰৰ ভিতৰত ৮৮ টা নগৰ অঞ্চলত আৰু ১০৭০ টা গ্রামীণ অঞ্চলত স্থাপন কৰা হৈছে । ইয়াৰে ভিতৰত গোলাঘাট সমষ্টিত ২৬৮ টা ( ৪৩ টা নগৰ, ২২৫টা গ্রামীণ ) দেৰগাঁও সমষ্টিত ২৩৫ ( ৯ টা নগৰ, ২২৬ টা গ্রামীণ ), বোকাখাত সমষ্টিত ২১২ টা (১১ টা নগৰ, ২০১ গ্রামীণ), ঘুমটাই বিধানসভা সমষ্টিত ২৩০টা (২৩০ টা গ্রামীণ) আৰু সৰুপথাৰ বিধানসভা সমষ্টিত ২১৩টা (২৫ টা নগৰ, ১৮৮ টা গ্রামীণ) ভোটগ্রহণ স্থাপন কৰা হৈছে । ৯ এপ্ৰিলৰ দিনা গোলাঘাট জিলাত মুঠ ৯,০২,৬৫৭ গৰাকী ভোটাৰে ভোটদানৰ সুবিধা পাব । ইয়াৰে ভিতৰত ৪,৪৪,৭৬২ গৰাকী পুৰুষ, ৪,৫৭,৮৮৫ গৰাকী মহিলা আৰু ১০ গৰাকী উভলিংগৰ ভোটাৰ । 

সমষ্টি অনুযায়ী ভোটাৰৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত গোলাঘাট বিধানসভা সমষ্টিত - ৯৯৪৫৮ গৰাকী পূৰুষ, ১০১৯২৭ গৰাকী মহিলা, ২ গৰাকী উভলিংগৰ ভোটাৰ, ১৪৩৩ গৰাকী দিব্যাংগ, ৭৯৩ গৰাকী ৪৫ বছৰ বয়সৰ ওপৰৰ , ১৮-১৯ বছৰ বয়সৰ ৫০৫০ গৰাকী আৰু ৩৮২ গৰাকী বিশেষ চৰকাৰী সেৱাত নিয়োজিত ভোটাৰ আছে ।

দেৰগাঁও বিধানসভা সমষ্টিত - ৮৭১১৪ গৰাকী পুৰুষ, ৯০৪১৫ গৰাকী মহিলা, ১১৪৭ গৰাকী দিব্যাংগ, ৫৮৫ গৰাকী ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ, ১৮-১৯ বছৰ বয়সৰ ৪১২৩ গৰাকী আৰু বিশেষ সেৱাৰ ১৭১ গৰাকী ভোটাৰ আছে । 

বোকাখাত বিধানসভা সমষ্টিত - ৭৯৯৫২ গৰাকী পুৰুষ, ৮৪৬৯৫ গৰাকী মহিলা, ১ গৰাকী উভলিংগৰ ভোটাৰ, ২০১৬ গৰাকী দিব্যাংগ, ৫২৫ গৰাকী ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ, ১৮-১৯ বছৰ বয়সৰ ৪১১৪ গৰাকী আৰু বিশেষ সেৱাৰ নিয়োজিত ৩৫০ গৰাকী ভোটাৰ আছে । 

খুমটাই বিধানসভা সমষ্টিত - ৮৪১২৪ গৰাকী পূৰুষ, ৮৭৫৬৮ গৰাকী মহিলা ভোটাৰ আৰু ৫ গৰাকী উভলিংগৰ ভোটাৰ, ১৭১৫ গৰাকী দিব্যংগ, ৫৮২ গৰাকী ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ ভোটাৰ, ১৬৯ গৰাকী বিশেষ সেৱাৰ বিষয়া আৰু ১৮-১৯ বছৰ বয়সৰ ৪৪৪৩ গৰাকী ভোটাৰ আছে ।

সৰুপথাৰ বিধানসভা সমষ্টি - ৯৪১১৪ গৰাকী পূৰুষ, ৯৩২৮০ গৰাকী মহিলা আৰু ২ গৰাকী উভলিংগৰ ভোটাৰ তালিকাবদ্ধ হৈছে । তাৰোপৰি সৰুপথাৰ বিধানসভা সমষ্টিত ১৮৪৯ গৰাকী দিব্যাংগ, ৫৯৫ গৰাকী ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ ভোটাৰ, ৬৪২ গৰাকী বিশেষ সেৱাত নিয়োজিত ভোটাৰ আৰু ১৮-১৯ বছৰ বয়সৰ ৪৪৫০ গৰাকী যুৱ ভোটাৰ আছে।

খুমটাই সমষ্টিত - ১৬৭ নং কুৰুকাগাওঁ মধ্য ইংৰাজী বিদ্যালয় ভোটগ্রহণ কেন্দ্ৰটোক স্পৰ্শকাতৰ আৰু সৰুপথাৰৰ ২১৩ নং যোহুক মেমৰিয়েল স্কুল ভোটগ্রহণ কেন্দ্রক অতি স্পৰ্শকাতৰ ভোটগ্রহণ কেন্দ্র হিচাবে চিনাক্ত কৰি অধিক নিৰাপত্তা আৰু পর্যবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে মাইক্ৰ' অবজার্ভাৰ নিয়োগৰ সুস্পষ্ট পৰিকল্পনা প্রস্তুত কৰিছে ।

বিধানসভা নির্বাচনত গোলাঘাট জিলাত মুঠ ২৫৮ টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্রহণ কেন্দ্র ভিতৰত গোলাঘাটত ৫৩ টা, দেৰগাঁওত ৫৪ টা, বোকাখাতত ৪৬ টা, খুমটাইত ৩৬ টা আৰু সৰুপথাৰ ৬৯ টা মহিলাৰ দ্বাৰা পৰিচালিত হ'ব । ইয়াৰ লগতে প্রত্যেক সমষ্টিতে একোটাকৈ আদৰ্শ ভোটগ্রহণ কেন্দ্র স্থাপন কৰা হৈছে । এই আদর্শ ভোটগ্রহণ কেন্দ্র সমূহ হৈছে গোলাঘাট সমষ্টিৰ অন্তৰ্গত কুশল কোঁৱৰ বাল্য ভৱন, দেৰগাঁও সমষ্টিৰ দেৰগাঁও নগৰ ছোৱালী উচ্চতৰ বিদ্যালয়, বোকাখাত সমষ্টিৰ বোকাখাত ছোৱালী উচ্চতৰ বিদ্যালয়, খুমটাইৰ তুলেশ্বৰী বৰুৱা মইনাপাৰা উচ্চতৰ বিদ্যালয় আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শিমলুচাপৰি নিম্ন প্রাথমিক বিদ্যালয় । ৰেবকাষ্টিং ব্যৱস্থাৰ জৰিয়তে স্বচ্ছতা বৃদ্ধি কৰাৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত প্রত্যেক ভোটগ্রহণ কেন্দ্রত এই সুবিধা উপলব্ধ থাকিব।

ই ভি এম আৰু ভি ভি পেট মেচিনসমূহৰ উপলব্ধতা, সংৰক্ষণ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত সকলো ধৰণৰ প্ৰস্তুতি সম্পূর্ণ কৰা হৈছে । জিলা খনত মুঠ ১৭৪০ টা বি ইউ , ১৮৫৫ টা  চি ইউ আৰু ১৭৯৬ টা ভি ভি পেট ৰ ব্যৱস্থা কৰিছে প্ৰশাসনে  । ইয়াৰ লগতে ফ্লাইং স্কোৱাড টিম আৰু ষ্টেটিক ছার্ভেইলেন্স টিম সমূহে নির্বাচনী বিধি উলংঘনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কৰিছে। প্রত্যেক বিধানসভা সমষ্টিতে ৯ টা ফ্লাইং স্কোৱাড টিম আৰু ৯ টা ষ্টেটিক ছার্ভেইলেন্স টিম গঠন কৰি মুঠ ৪৫ টা ফ্লাইং স্কোৱাড টিম আৰু ৪৫ টা ষ্টেটিক ছার্ভেইলেন্স টিম গোলাঘাট জিলাত কাৰ্যৰত আছে বুলিও জিলা প্ৰশাসনে জনাইছে । জিলাখনত জোনেল আৰু ছেক্টৰভিত্তিক বিভাজন কৰি নির্বাচনী ব্যৱস্থাপনাক অধিক কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ অন্তর্গত ৩৫ জন জোনেল বিষয়া আৰু ১০৭ জন ছেক্টৰ বিষয়া নিয়োজিত কৰা হৈছে। সুচাৰূপে নিৰ্বাচন সম্পাদন কৰিবৰ বাবে ১৩৯০ জন প্রিজাইডিং অফিচাৰ, ১৩৯০ জন ফার্স্ট পোলিং অফিচাৰ, ১৩৯০ জন ছেকেণ্ড পোলিং অফিচাৰ আৰু ১৩৯০ জন থার্ড পোলিং অফিচাৰ আজি বেলট সমাগ্ৰী লৈ নিজ নিজ কেন্দ্ৰলৈ যাত্ৰা কৰিছে ।

এই সমুহ কাৰ্যব্যৱস্থাৰ পিচতো জিলাখনৰ বিধানসভা সমষ্টিবোৰত বিশেষ শ্ৰেণীৰ ভোটাৰ যেনে ৬০ বছৰৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক, বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে ১২ ডি নম্বৰৰ পপত্ৰৰ কোনোধৰণৰ ব্যৱস্থা নকৰিলে গোলাঘাটৰ জিলা প্ৰশাসনে । 

গোলাঘাট অভিযান্ত্রিক মহাবিদ্যালয়ত নির্বাচনৰ সামগ্রী বিতৰণ আৰু গ্ৰহণ কেন্দ্র, স্ট্রং কম আৰু গণনা কেন্দ্ৰ স্থাপন কৰা হৈছে যি জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত অৱস্থিত। এই ব্যৱস্থাই নির্বাচনী সামগ্ৰীসমূহৰ সুৰক্ষিত সংৰক্ষণ আৰু সঠিক সময়ত বিতৰণ নিশ্চিত কৰিব। ভোটগ্রহণ প্রক্রিয়াত কৰ্মচাৰীসকলৰ প্ৰয়োজনীয়তা আৰু উপলব্ধতা নিশ্চিত কৰাৰ ক্ষেত্ৰত ১৩৯০ জন প্রিজাইডিং অফিচাৰ, ১৩৯০ জন ফার্স্ট পোলিং অফিচাৰ, ১৩৯০ জন ছেকেণ্ড পোলিং অফিচাৰ আৰু ১৩৯০ জন থার্ড পোলিং অফিচাৰ নিয়োজিত কৰাৰ উপৰিও পর্যাপ্ত পৰিমাণৰ ভোটগ্রহণ বিষয়া সংৰক্ষিত কৰা হৈছে বুলিও জিলা প্ৰশাসনে জনাইছে । 

************