১০৫ নং বোকাখাত বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৮২.১১ শতাংশ : ভোটগ্ৰহন শান্তিপুৰ্ণ : ভোটদানৰ পৰা বঞ্চিত বহু অশীতিপৰ ভোটাৰ :
Aiidesh News : 9 April - 2026 :
ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত আজি পুৱাৰে পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহনত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত মুঠ ১,৬৪,৬৪৮ গৰাকী ভোটাৰৰ ভিতৰত ৮২.১১ শতাংশ ভোটাৰে ২১২ টা ভোটগ্ৰহন কেন্দ্ৰত ভোটদান কৰিছে । ইয়াৰ পূৰ্বে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৫.৫৮ শতাংশ। সমষ্টিটোৰ প্ৰায়বোৰ ভোটগ্ৰহন কেন্দ্ৰতে উৎসাহজনক আৰু শান্তিপুৰ্ণ ভাৱে ভোটদান হোৱাৰ বিপৰীতে বি এল অ’ৰ অৱহেলাৰ বাবেই বোকাখাত সমষ্টিত ভোটদানৰ পৰা বঞ্চিত হ’ব লগা হ’ল সমষ্টিৰ আশীৰোৰ্দ্ধৰ বহু বয়োজেষ্ঠ ভোটাৰ । সমষ্টিৰ বহু অশীতিপৰ ভোটাৰে আকৌ অতি কষ্টৰে ভোটগ্ৰহন কেন্দ্ৰলৈ গৈ ভোটদান কৰিব লগা হোৱাৰো বহু অভিযোগ শুনিবলৈ পোৱা গ’ল ।
ইফালে সমষ্টিটোৰ জ্যোতিপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহন কেন্দ্ৰত পুৱা বেলাতে স-পৰিয়ালেৰে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰে এন ডি এৰ প্ৰাৰ্থী অতুল বৰা আৰু নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈয়ে । ভোটদান কৰিবৰ বাবে জাতীয় সাজপাৰত আহে অতুল বৰা । জ্যোতিপুৰৰ এই কেন্দ্ৰতেই সমষ্টিৰ সৰ্বাধিক ১১৭১ গৰাকী ভোটাৰ আছে । ইফালে বোকাখাতৰ একমাত্ৰ আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰ ৯৭ নং বোকাখাত ছোৱালী উচ্চতৰ বিদ্যালয় কেন্দ্ৰত পুৱা বেলাতে ভোটাৰৰ সুবিধাৰ বাবে স্থাপন কৰা হেল্প ডেক্সৰ কেন্দ্ৰত ভোটাৰক সহায় কৰিবৰ বাবে কোনো কৰ্মচাৰী নথকাত সমস্যাত পৰে সাধাৰণ ভোটাৰ। কোনো নথকাৰ সুযোগতে বান্দৰে আহি লণ্ড ভণ্ড কৰে হেল্প ডেক্সৰ এ অস্থায়ী কেন্দ্ৰটো । এই আদৰ্শ ভোটগ্ৰহন কেন্দ্ৰত ভোটাৰৰ বাবে খোৱাপানীৰ ব্যৱস্থাকে ধৰি থাকিব লগা বিশেষ সা সুবিধাও দেখিবলৈ পোৱা নগ’ল। অন্যহাতে বোকাখাত নগৰৰ নামদৈয়াং প্ৰাথমিক বিদ্যালয়ৰ সোঁফালৰ ভোটগ্ৰহন কেন্দ্ৰত ভোটগ্ৰহন মেচিনৰ বিজুটিৰ বাবে পুৱাতেই আধা ঘন্টাৰ বাবে ভোটগ্ৰহন বন্ধ ৰাখিব লগা হয় । মনকৰিব লগীয়া যে সমষ্টিটোত ভোটগ্ৰহন সামগ্ৰিকভাৱে শান্তিপুৰ্ণ হলেও কাকচংৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহন কেন্দ্ৰৰ সমীপতে ভোটাৰৰ মাজত মদৰ বটল বিতৰণ কৰা এজন লোকক মদৰ বটলৰ সৈতে হাতে লোটে কৰায়ত্ব কৰি আৰক্ষীৰ হাতত গতাই দিয়ে স্থানীয় লোকে।
**********



