১১ মে' ২০২০, ইতিহাসত আজিৰ দিনটো

১১ মে' ২০২০, ইতিহাসত আজিৰ দিনটো

► ‘চাহেবপুৰৰ বৰষুণ’ৰ বাবে অসম সাহিত্য সভাই বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীলৈ ২০০৩ বৰ্ষৰ কুমাৰ কিশোৰী সোৱৰণী বঁটা আগবঢ়াই ২০০৪ চনৰ আজিৰ দিনটোতে । ► ১৮৫৭ চনৰ আজিৰ দিনটোতে দিল্লীত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হয় । ► ভাৰতবৰ্ষই দ্বিতীয়লানি পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণ ঘটায় ১৯৯৮ চনৰ আজিৰ দিনটোতে ৷ ► ১৯৬৫ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ প্ৰচণ্ড ঘূৰ্ণীবতাহে কোবাই যায় ৷ ইয়াৰ ফলত চৰকৰী হিচাপমতে ► ১৬,০০০ লোকৰ মৃত্যু হয় ৷ ► স্পেইনৰ চিত্ৰকৰ ছালভাদৰ ডালিৰ জন্ম হৈছিল ১৯০৪ চনৰ আজিৰ দিনটোতে। ► ১৩৩০ চনৰ আজিৰ দিনটোতে কনষ্টাণ্টিনোপল ৰোমান সাম্ৰাজ্যৰ ৰাজধানীৰূপে স্বীকৃতি পায় ৷ ► ১৯৬৩ চনত আজিৰ দিনটোতে মাৰ্কিন শৰীৰতত্ব বিদ তথা বিজ্ঞানী হাৰ্বাট স্পেনছাৰ গাছাৰৰ মৃত্যু হয় । ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল । ► আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ।