লেখাপানীত চাহ শ্ৰমিকক শোষণৰ অভিযোগ।দুজনকৈ পুঁজিপতি চাহ ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযোগ

লেখাপানীত চাহ শ্ৰমিকক শোষণৰ অভিযোগ।দুজনকৈ পুঁজিপতি চাহ ব্যৱসায়ীৰ বিৰুদ্ধে এই অভিযোগ

তিনিচুকীয়া জিলাৰ লেখাপানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত লং টং স্থিত দুখন বৃহত্তৰ চাহ বাগিচাৰ দুজন মালিকৰ বিৰুদ্ধে তেওঁলোকৰ শ্ৰমিক সকলক শোষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।লং টং স্থিত এই চাহ বাগান দুখনৰ গৰাকী ক্ৰমে মণিৰাম গোৱেল আৰু দ্বাৰিকা প্ৰসাদ গোৱেল।এই দুয়ো গৰাকী ব্যক্তিৰ মালিকানাধীন বাগান কেইখনত কাম কৰা শ্ৰমিক সকলে  প্ৰতি বছৰে কঠোৰ পৰিশ্ৰম কৰি মালিক পক্ষক লাখ লাখ টকা উপাৰ্জন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও শ্ৰমিক সকলে কিন্তু মালিক পক্ষৰ পৰা লাভ কৰিব লগা নূন্যতম সুবিধা খিনিৰ পৰাও বঞ্চিত হৈ অহাৰ তথ্য পোহৰলৈ আহিছে।চাহ জনজাতি ছাত্ৰ সন্থাৰ এটি দলে শ্ৰমিক সকল বাস কৰা অঞ্চলত উপস্থিত হৈ প্ৰত্যক্ষ কৰাত উক্ত তথ্য পোহৰলৈ আহিছে। শ্ৰমিক সকল থাকিবৰ বাবে মালিক পক্ষই নিৰ্মাণ কৰি দিয়া ঘৰ সমূহ কোনো মেৰামতি কৰি নিদিয়াৰ ফলত বৰ্তমান এক জৰাজীৰ্ণ পৰিবেশত শ্ৰমিক সকলে দিন অতিবাহিত কৰিব লগা হৈছে। তাৰোপৰি শ্ৰমিক সকল বসবাস কৰা ঠাইডোখৰৰ চৌপাশ অতিকৈ লেতেৰা হোৱাৰ উপৰিও কোনো ধৰণৰ অনাময় ব্যৱস্থাৰ সু ব্যৱস্থা নথকা আৰু বিশুদ্ধ খোৱা পানীৰ সুবিধা নথকাত এতিয়া তেওঁলোকে এক যমৰ যাতনা ভুগিব লগা অৱস্থাৰ সৃষ্টি হৈছে।এই ক্ষেত্ৰত যদি এই দুয়োজন শোষক পুঁজিপতি চাহ ব্যৱসায়ীয়ে অনতিপলমে শ্ৰমিক সকলৰ জীৱন নিৰ্বাহৰ বাবে আধুনিক সা-সুবিধা প্ৰদান নকৰে তেন্তে চাহ জনজাতি ছাত্র সন্থাই অনাগত দিনত মালিক পক্ষৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে। এই দেশ লেখাপানী  ।