বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ প্রতিষ্ঠান উদ্ভাৱনী পৰিষদৰ উদ্যোগত বক্তৃতানুষ্ঠান :

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ প্রতিষ্ঠান উদ্ভাৱনী পৰিষদৰ উদ্যোগত বক্তৃতানুষ্ঠান  :
Aiidesh Photo

Aiidesh News  : 20 May - 2024 : 

বোকাখাতৰ অগ্রণী শৈক্ষিক প্রতিষ্ঠান জে.ডি.এচ.জি. মহাবিদ্যালয়ৰ “প্রতিষ্ঠান উদ্ভাৱনী পৰিষদ”ৰ উদ্যোগত, শিক্ষা মন্ত্রালয়ৰ উদ্ভাৱন কোষৰ সৌজন্যত আৰু সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা আয়োগৰ সহযোগিতাত ইম্পেক্ট লেকচাৰ চিৰিজ নামেৰে এলানি বক্তৃতাৰ অনুষ্ঠান অলপতে অনুষ্ঠিত হৈ যায় । বন্তি প্ৰজ্বলনৰে বক্তৃতা অনুষ্ঠানটোৰ উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে । তেখেতৰ আদৰণী ভাষণত উদ্ভাৱনৰ প্রয়োজনীয়তা আৰু ইয়াৰ বাণিজ্যিকৰণৰ ওপৰত আলোকপাত কৰে ।

বক্তৃতা অনুষ্ঠানৰ সমল ব্যক্তিৰূপে উপস্থিত থাকে অসম গৌৰৱ পদ্মশ্রী ড° উদ্ধৱ কুমাৰ ভৰালী আৰু কাজিৰঙাৰ বিশিষ্ট মহিলা উদ্যমী ৰূপজ্যোতি শইকীয়া গগৈ ৷ ড° উদ্ধৱ কুমাৰ ভৰালী তেখেতৰ ভাষণত সমাজ জীৱনত উদ্ভাৱনৰ প্রয়োজনীয়তা, উদ্ভাৱনৰ বাবে লগা মানসিক দৃঢ়তা আদিৰ ওপৰত আলোকপাত  কৰে । সমাজ আৰু মানৱ জীৱনৰ বিভিন্ন সমস্যা সমাধানৰ বাবে কেনেকৈ উদ্ভাৱনক ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰতো যথেষ্ট আলোচনা আগবঢ়ায় ।

বক্তৃতানুষ্ঠানত অংশগ্ৰহন বিশিষ্ট মহিলা উদ্যমী ৰূপজ্যোতি শইকীয়া গগৈয়ে উদ্যমিতাৰ ক্ষেত্ৰত সম্মুখীন হোৱা বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে । তেওঁ সমস্যাবোৰ নেওচি, দৃঢ়তাৰে আগবাঢ়ি জীৱনৰ লক্ষ্যত উপনীত হৈ সমাজলৈ বৰঙনি আগবঢ়াবলৈ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰিত কৰে ।

বক্তৃতা অনুষ্ঠানটোত আভ্যন্তৰীন মান নিশ্চিতকৰণ কোষৰ হৈ বক্তব্য আগবঢ়ায় সমন্বয়ক ড০ চিৰঞ্জীৱ দাহালে ৷ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰয়োজনীয় আৰু মনোজ্ঞ এই বক্তৃতানুষ্ঠানত   বোকাখাতৰ দাঁতিকাষৰীয়া মহাবিদ্যালয় আৰু বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে । অনুষ্ঠানটোৰ আঁত ধৰে ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক ড° মনালিছা বৰগোহাঞি আৰু আকাশ জ্যোতি শৰ্মাই । বক্তৃতা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ উপাধ্যক্ষা দিপালী ৰাজকুমাৰীকে প্রমুখ্য কৰি আন আন বিভাগৰ প্রবক্তাসকলো  উপস্থিত থাকে । উল্লেখযোগ্য যে পদ্মশ্ৰী ড0 উদ্ধৱ ভৰালীদেৱে তেখেতৰ ভাষণত মহাবিদ্যালয়খনত প্রতিষ্ঠান উদ্ভাৱনী পৰিষদ”ৰ অধীনত চলি থকা বিভিন্ন উদ্ভাৱনমূলক কাৰ্যৰ ভূঁয়সী প্রশংসা কৰে । বক্তৃতানুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে ভাৱে প্রতিষ্ঠান উদ্ভাৱনী পৰিষদ”ৰ সমন্বয়ক বাণিজ্য  বিভাগৰ সহকাৰী অধ্যাপিকা দীক্ষা শইকীয়াই উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

*********