বোকাখাতত মিছন বসুন্ধৰা দ্বিতীয়ৰ মাটিৰ পট্টা প্ৰদান অনুষ্ঠান : হিতাধিকাৰীক ভূমিৰ পট্টা প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই :

বোকাখাতত মিছন বসুন্ধৰা দ্বিতীয়ৰ মাটিৰ পট্টা প্ৰদান অনুষ্ঠান  : হিতাধিকাৰীক ভূমিৰ পট্টা প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই  :
Aiidesh Photo

Aiidesh News : 23 February 2024 :  

অসম চৰকাৰে ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ সমষ্টিসমূহত মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ যোগ্য হিতাধিকাৰী সকলক আনুষ্ঠানিক ভাৱে মাটিৰ পট্টা বিতৰণৰ কাৰ্যসূচী হাতত লৈছে । ২২ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা দেৱে ধেমাজি আৰু জোনাই বিধান সভা সমষ্টিত আনুষ্ঠানিক ভাৱে হিতাধিকাৰী সকলৰ মাজত মাটিৰ পট্টা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিচত আজি ১০৫ নং বোকাখাত বিধান সভা সমষ্টিতো আনুষ্ঠানিকভাৱে মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ অন্তৰ্গত ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰা হয় । মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ত বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত   ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে প্রাপ্ত  সকলো আৱেদন নিৰ্ধাৰিত সময়ৰ ভিতৰত নিষ্পত্তি কৰি ২৮৮৩ টা পৰিয়ালক ভূমিৰ পট্টা প্ৰদানৰ বাবে অনুমোদিত কৰা হয় ।

এই উপলক্ষে আজি বোকাখাতৰ  কেন্দ্ৰীয় বিহুতলীত ভূমি পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি কেবিনেট মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে  যে মিছন বসুন্ধৰা ২.০ ৰ জৰিয়তে যিসকল খিলঞ্জীয়া ভূমিহীন লোকে ভূমি পট্টা লাভ কৰিলে সেইসকল লোকে এই ভূমি পট্টাৰ জৰিয়তে প্ৰধানমন্ত্ৰী  আৱাস গৃহ যোজনা আঁচনিৰ গৃহ লাভ কৰিবলৈ সক্ষম হ'ব । লগতে প্ৰধানমন্ত্ৰী কৃষি যোজনা আঁচনি আৰু ফচল বীমা যোজনা আঁচনিৰ হিতাধিকাৰীসকলে এই  পট্টাৰ জৰিয়তে কৃষি ঋণো লাভ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে ৷ লগতে ১ মাৰ্চৰ পৰা ১০ মার্চলৈ অসম চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰিব লগীয়া ১০ দিনীয়া 'বিকাশ যাত্ৰা' কথা উল্লেখ কৰি এই বিকাশ যাত্ৰাত ৰাজ্যত ২৫,০০০ কোটিতকৈও অধিক ব্যয়ৰ বহুকেইটা প্ৰকল্প জনসাধাৰণলৈ উৎসৰ্গা কৰা হ'ব বুলিও উল্লেখ কৰে ৷ গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে অজিৰ এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত বোকাখাতৰ অতিৰিক্ত জিলা আয়ুক্ত চিমী কৰণ, মহকুমা আৰক্ষী বিষয়া অতুল কুমাৰৰ উপৰিও বিভিন্ন দল- সংগঠনৰ নেতৃবৃন্দ, আমন্ত্ৰিত অতিথি, বোকাখাত প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী প্ৰমুখ্যে হিতাধিকাৰী সকল আৰু ৰাইজ উপস্থিত থাকে ।