জৈৱ বৈচিত্ৰ সংৰক্ষনৰ লগতে মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানক লৈ আৰণ্যকৰ উদ্যোগত গোৱালপাৰা জিলাৰ সাংবাদিকৰ বিশেষ কৰ্মশালা :
জৈৱ বৈচিত্ৰ সংৰক্ষনৰ লগতে মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানক লৈ আৰণ্যকৰ উদ্যোগত গোৱালপাৰা জিলাৰ সাংবাদিকৰ বিশেষ কৰ্মশালা :
Aiidesh News : 15 July :
জৈৱবৈচিত্ৰ সংৰক্ষণ, মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সহাৱস্থানক উৎসাহিত কৰা, জনসাধাৰণ,চৰকাৰ বা এই ক্ষেত্ৰত আঁচনি প্ৰস্তুত কাৰক সকলোৱে যাতে পৰিৱেশ অনুকুলে কাৰ্য্য ৰূপায়ণ কৰে তাৰ বাবে এক পৰিৱেশ গঢ়ি তোলাত সংবাদ মাধ্যম তথা সাংবাদিক সকলে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহন কৰিব পাৰে । কিয়নো প্রকৃতি তথা জৈৱ বৈচিত্ৰৰ সংৰক্ষণ অবিহনে পৃথিবীত মানুহৰ জীয়াই থকাৰে সামর্থ্য নাই । যোৱা ১২ জুলাইত গোৱালপাৰা জিলা সাংবাদিক সন্থা আৰু উত্তৰ পুৱ ভাৰতৰ অগ্ৰণী সংগঠন আৰণ্যকে যুটীয়াভাৱে জিলাখনৰ সাংবাদিক সকলৰ বাবে আয়োজন কৰা এক বিশেষ কৰ্মশালাত এই দৰে মন্তব্য কৰে আৰণ্যকৰ বিশেষজ্ঞ সকলে ৷
গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত আয়োজিত জৈৱ বৈচিত্ৰ সংৰক্ষণ, মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থানক লৈ আয়োজিত এই কৰ্মশালাত আৰণ্যকৰ হস্তী বিশেষজ্ঞ আৰু বিশ্ব ঐতিহ্য নায়ক ড০ বিভুতি প্ৰসাদ লহকৰে ৰাজ্যত বন্য হস্তীয়ে সন্মুখীন হোৱা ভাবুকি, হাতী-মানুহৰ সংঘাত নিৰাময়ত বন বিভাগৰ কৰ্তব্য , বেচৰকাৰী সংগঠন আৰু সংবাদ মাধ্যমৰ ভূমিকাৰ ওপৰত বিশদভাৱে আলোচনা কৰে । আৰণ্যকৰ জ্যেষ্ঠ পৰিৱেশ বিশেষজ্ঞ জয়ন্ত কুমাৰ পাঠকে জৈৱ বৈচিত্ৰ সংৰক্ষণৰ বহুমুখী দিশৰ ওপৰত বিস্তাৰিত ভাৱে বৰ্ণনা কৰে । জয়ন্ত কুমাৰ পাঠকে সাংবাদিক সকলক জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ বাসস্থানৰ সুৰক্ষা সম্পৰ্কীয় বিষয়বোৰ সামৰি লোৱাকৈ সংবাদ মাধ্যমৰ জড়িয়তে নিৰন্তৰ প্ৰচেষ্টা চলাবলৈ আহ্বান জনায় । পৰিৱেশ বিষয়ক সম্ভাৱ্য বিপদ বা সমস্যাৰ বিষয়ে আগতীয়াকৈ বাতৰি পৰিবেশন কৰিবলৈও তেওঁ সাংবাদিক সকলক আহ্বান জনায় ।
জ্যেষ্ঠ সাংবাদিক বিজয় শংকৰ বৰাই জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু সহাৱস্থান বজাই ৰখাৰ বাবে সংবাদ মাধ্যম আৰু সমাজৰ বিভিন্ন অংশীদাৰ সকলৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা কৰে । সাধাৰণ নাগৰিক সকলক বিষয়টোৰ প্ৰতি সংবেদনশীল কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ দায়ীত্ব অপৰিসীম বুলিও তেওঁ মন্তব্য কৰে ৷
কৰ্মশালাত অংশগ্ৰহন কৰি গোৱালপাৰা জিলাৰ সাংবাদিকসকলে জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু মানুহৰ সৈতে সৃষ্টি হোৱা বন্যপ্ৰাণী সংঘাত সম্পৰ্কীয় দিশসমূহ সামৰি লোৱাৰ ক্ষেত্ৰত তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু সমস্যাসমূহৰ ওপৰত বিভিন্ন প্রশ্ন উত্থাপন কৰাৰ লগতে নিজৰ অভিজ্ঞতাৰে আলোচনাও আগবঢ়ায় ৷ বন্যপ্ৰাণীৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লগা গাওঁবোৰৰ জনসাধাৰণৰ মাজত এনে ধৰণৰ কর্মশালা অনুষ্ঠিত কৰাৰ বাবেও গোৱালপাৰাৰ সাংবাদিক সকলে আৰণ্যকক পৰামৰ্শ দিয়ে ।
কৰ্মশালাৰ আৰম্ভণিতে আৰণ্যকৰ হৈ অঞ্জন বৰুৱাই কৰ্মশালাৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সম্পাদক উদিত নাৰায়ণ কলিতাই কৰ্মশালাত উপস্থিত অংশগ্ৰহণকাৰী সকলক কৰ্মশালালৈ আদৰণি জনায় ।
******
                        


                    
                    
                    
                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
