বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত উৎপাদিত নেপিয়াৰ ঘাঁহৰ বিপনন : লক্ষাধিক ধন উপাৰ্জন :

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত উৎপাদিত নেপিয়াৰ ঘাঁহৰ বিপনন  : লক্ষাধিক ধন উপাৰ্জন  :
Aiidesh photo

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত উৎপাদিত নেপিয়াৰ ঘাঁহৰ বিপনন  : লক্ষাধিক ধন উপাৰ্জন মহাবিদ্যালয় কৰ্তৃপক্ষৰ  :


Aiidesh News  : 23 April  :

বোকাখাতৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জে ডি এচ জি মহাবিদ্যালয়ে ২২ এপ্ৰিলত মহাবিদ্যালয় চৌহদত উৎপাদিত এক লাখ টকাৰ হাইব্ৰিড নেপিয়া ঘাঁহৰ মুড়া লেটেকুজান চাহ বাগিচাক বিক্ৰী কৰে । এই  উপলক্ষে মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত বোকীখাতৰ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা , জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা ,নীলু আৰ্চায , কৃষি বিভাগৰ কৃষি উন্নয়ন বিষয়া বৈচিত্ৰা হাকমৌচা, বোকাখাত আৰক্ষী থানা ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি মহাবিদ্যালয় খনৰ এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে শিক্ষা গ্ৰহনৰ সামান্তৰাল ভাৱে ছাত্ৰ ছাত্ৰী সকলক কৃষি বিপ্লৱৰ সৈতেও জড়িত হৈ সংস্থাপিত হ'বৰ বাবে আহ্বান জনায় ।


অনুষ্ঠানত মহাবিদ্যালয় খনৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে জে ডি এছ জি মহাবিদ্যালয়ে খনে লগে লগে নিবনুৱা যুৱক যুৱতী সংস্থাপিত হ'ব পৰাকৈ এনে কাৰ্যব্যবস্থা গ্ৰহণ কৰা কথা উল্লেখ কৰে । বিশেষকৈ এই নেপিয়া ঘাঁহৰ খেতিয়ে নুমলীগড় শোধনাগাৰৰ জৈৱিক ইন্ধন উৎপাদনত কেচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে । নেপিয়া ঘাঁহৰ মুড়াৰ চাহিদাৰ কথা উল্লেখ কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে কয় যে মহাবিদ্যালয়খনে ইতিমধ্যে কলকতাৰ পৰা ৬০ লাখ নেপিয়া ঘাঁহৰ অৰ্ডাৰ লাভ কৰিছে ৷ সম্প্ৰতি মহাবিদ্যালয় খনে প্ৰায় চাৰি লাখ নেপিয়াৰ মুড়া বিপননৰ প্ৰস্ততি চলাইছে বুলিও জনায় ৷  মহাবিদ্যালয় খনৰ কৃষি বিভাগৰ সমন্বয়ক ড৹ বিজয় শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত উপাধ্যক্ষ দিপালী গগৈয়েও বক্তব্য প্ৰদান কৰে । ড৹ বিজয় শৰ্মাৰ মতে ছাত্ৰ ছাত্ৰী সকলে লাৰ্ণি এণ্ড আৰ্ণিং দুয়োটা দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিলে পিছলৈ ঘুৰি নোচোৱাকৈ কৰ্মসংস্থাপনৰ বাটো মুকলি হ'ব পাৰে ৷ 


উল্লেখ্য যে নেপিয়া ঘাঁহৰ উপৰিও জে ডি এছ জি  মহাবিদ্যালয়ে কেঁচু সাৰ, নেমু আৰু কলৰো খেতি আৰম্ভ কৰি লাভৱান হৈছে ৷ সভাত উপস্হিত  অতিথি সকলে ৰাজ্যখনৰ ভয়াবহ নিবনুৱা সমস্যাত পটভুমিত ছাত্ৰ ছাত্ৰীৰ কৰ্ম সংস্থাপনৰ বাবে জে ডি এছ জি মহাবিদ্যালয়ে লোৱা এনে পদক্ষেপক প্ৰশংসা কৰে ৷

*******