গোলাঘাট জিলাৰ ​বাদুলিপাৰত ২৪ খন চাহ বাগিচাৰ যৌথ উদ্যোগত মে' দিৱস উদযাপন : সাহিত্যিক পেঞ্চনাৰ মাখনলাল বাঢ়ৈৰ গ্ৰন্থ মে' দিৱসৰ নিষ্প্ৰভ পতাকাৰ আহ্বান উন্মোচন :

গোলাঘাট জিলাৰ ​বাদুলিপাৰত ২৪ খন চাহ বাগিচাৰ যৌথ উদ্যোগত মে' দিৱস উদযাপন :  সাহিত্যিক পেঞ্চনাৰ মাখনলাল বাঢ়ৈৰ গ্ৰন্থ মে' দিৱসৰ নিষ্প্ৰভ পতাকাৰ আহ্বান উন্মোচন :
Aiidesh photo

Aiidesh News : 1 May - 2026 :  

সমগ্ৰ দেশৰ লগতে আজি গোলাঘাট জিলাৰ বাদুলিপাৰতো আন্তৰ্জাতিক শ্ৰমিক দিৱস উদ্‌যাপন কৰা হয় । অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ অন্তৰ্গত বাদুলিপাৰ আৰু দেৰগাঁও চক্ৰৰ মুঠ ২৪ খন চাহ বাগিচাৰ যৌথ উদ্যোগত বাদুলিপাৰ চাহ বাগিচাৰ সামূহিক ভৱনত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।

এই উপলক্ষে আজি পুৱা ২৪ খন বাগিচাৰ প্ৰতিনিধিৰ উপস্থিতিত মে' দিৱসৰ পতাকা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি পল্লৱ পাচীয়ে । ইয়াৰ পিছতে যুটীয়া সম্পাদক অনিল তাঁতীয়ে স্মৃতি তৰ্পন কাৰ্যসূচী সম্পন্ন কৰে । শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি লক্ষেশ্বৰ তাঁতীয়ে শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। পৰৱৰ্তী সময়ত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অনাতাঁৰ শিল্পী ডিকা গোৱালাই ।

দুপৰীয়ালৈ সত্যদেৱ চাহুৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে গুণাৰাম হেমৰমে । এই সভাতে ঘনশ্যাম বাঢ়ৈৰ দ্বাৰা ৰচিত "মে' দিৱসৰ নিষ্প্ৰভ পতাকাৰ আহ্বান" শীৰ্ষক এখন পুস্তিকা উন্মোচন কৰা হয় । পুস্তিকাখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক তথা সাহিত্যিক পেঞ্চনাৰ মাখনলাল বাঢ়ৈয়ে কয় যে "আমি সমাজ হিচাপে আগবাঢ়ি যাবলৈ হ’লে শিক্ষা আৰু সাহিত্যৰ চৰ্চা অপৰিহাৰ্য ।" প্ৰসংগক্ৰমে তেওঁ চাহ বাগিচা অঞ্চলৰ পৰা প্ৰকাশিত একমাত্ৰ সংবাদ পত্ৰ “জননী বাৰ্তা” প্ৰতিটো শ্ৰমিক পৰিয়ালে পঢ়া উচিত বুলিও মন্তব্য কৰে । সভাত উপস্থিত থাকি মে’ দিৱসৰ তাৎপৰ্যৰ লগতে চাহ বাগিচা অঞ্চলৰ শৈক্ষিক আৰু সামাজিক ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায় চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ কাৰ্যনিৰ্বাহক সদস্য সুনীল তাঁতী, সম্পাদক ঘনশ্যাম বাঢ়ৈ, সাংবাদিক চন্দন গগৈ, “আটছা”ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাবুল তুৰি, “আছু”ৰ জিলা বিত্ত সম্পাদক সঞ্জীৱ গগৈ, “আটছা”ৰ ডানেশ কুমাৰ, সুভাষ ৰজক আৰু সোনেশ্বৰ বাঢ়ৈয়ে। ​উল্লেখ্য যে এই দিৱসত খুমটাই, বাদুলিপাৰ, বুটলিখোৱা, সেন্দুৰিটিং, গৰিয়াজান, শাঁওতলি (পুৰণা আৰু নতুন), গৰঙা, বেতিয়নী, দৰিয়া, বৰফলং, কৰুনাটিং, শালমিৰামুখ, ছাপাগুৰি, মিছামৰা, ৰাঙলিটিং, ৰঙামাটি, নেঘেৰিটিং আৰু বালিজানকে ধৰি ২৪ খন চাহ বাগিচাৰ শ্ৰমিক ৰাইজে অংশগ্ৰহণ কৰে।

**********