গোলাঘাট জিলাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস : তিনিদিনীয়া কাৰ্যসুচীৰে জিলা জুৰি উদযাপন :

গোলাঘাট জিলাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস : তিনিদিনীয়া কাৰ্যসুচীৰে জিলা জুৰি উদযাপন  :
Aiidesh Photo
গোলাঘাট জিলাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস : তিনিদিনীয়া কাৰ্যসুচীৰে জিলা জুৰি উদযাপন  :
গোলাঘাট জিলাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস : তিনিদিনীয়া কাৰ্যসুচীৰে জিলা জুৰি উদযাপন  :

Aiidesh News : 6 October 2023 :

আজিৰ পৰা ৩৬ বছৰৰ আগত ১৯৮৭ চনৰ ৫ অক্টোবৰৰ দিনা তেতিয়াৰ গোলাঘাট মহকুমাক এখনি পূর্ণাঙ্গ জিলা হিচাপে ঘোষণা কৰা হৈছিল ৷ সেইয়েহে ৫ অক্টোবৰৰ প্ৰতিষ্ঠাৰ দিনটোক জিলা দিৱস হিচাপে তিনিদিনীয়া বিভিন্ন কাৰ্যসুচীৰে জিলাখনত উদযাপন কৰিছে গোলাঘাটৰ জিলা প্ৰশাসনে ৷ 

আঠখেলীয়া নামঘৰত শৰাই আগবঢ়াই আৰম্ভ কৰা তিনিদিনীয়া কাৰ্যসুচীৰ ৫ অক্টোবৰত গোলাঘাটত  জিলাখনক লৈ নিৰ্মান কৰা তথ্যচিত্র উন্মোচন, বিদ্যালয় তথা আঙ্গনবাদী কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ মাজত গোলাঘাট জিলা আৰু জিলা দিৱস সম্পৰ্কীয় সজাগতা, অনাথ আশ্ৰম আৰু চিকিৎসালয়ত ফলমূল বিতৰণ কৰি বিয়লি শহীদ স্মাৰকত বন্তি প্ৰজ্বলন কৰাৰ পিচত আজি গোলাঘাট জিলাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বোকাখাত মহকুমাত পুৱা ৭ বজাত মহকুমা প্ৰশাসনৰ উদ্যোগত এক বাইক ৰেলী উলিওৱা হয় । বোকাখাত নগৰৰ ৰাজ্যিক পথ পৰিবহন নিগমৰ আস্থানৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলীৰ ফ্লেগ অৱ কৰি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বোকাখাতৰ মহকুমাধিপতি চিমি কৰণে । পৰৱৰ্তী সময়ত পুৱা ১০ বজাৰ পৰা বোকাখাত মহকুমা প্ৰশাসন আৰু বোকাখাত স্বাস্থ্য বিভাগৰ যৌথ উদ্যোগত ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত এক স্বেচ্ছামূলক ৰক্ত দান শিবিৰৰ আয়োজন কৰা হয় । ইফালে পুৱাতেই গোলাঘাটৰ জিলা আয়ুক্তৰ কার্যালয়ৰ পৰা বাকাথন (পদযাত্রা) আৰু পথ সুৰক্ষা সজাগতা অভিযানো চলোৱা হয় ৷

উল্লেখ্য যে ৭ অক্টোবৰত গোলাঘাটত অনুষ্ঠিত হ'ব লগা বিভাগীয় ক্ৰীড়া প্ৰতিযোগিতাৰ পিচত বীৰাঙ্গনা সাধনী কলাক্ষেত্রত এই গোলাঘাট জিলা প্ৰতিষ্ঠা দিৱসৰ সামৰণী পৰিব ৷ সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে ৷

*******