কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

বানপানীত বন্যপ্রাণীৰ সুৰক্ষা আৰু চোৰাংচিকাৰ প্ৰতিৰোধ সম্পৰ্কত কাজিৰঙাৰ আয়'ৰা ৰিৰ্জটত পাঁচখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বন বিষয়াৰে বৈঠক

কাজিৰঙাত  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
Photo : Uttam Saikia
কাজিৰঙাত  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

AIIDESH.NEWS : 12 May : 

বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্রাণী সমূহৰ সুৰক্ষা আৰু চোৰাংচিকাৰ প্ৰতিৰোধ নিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানথনৰ সীমান্তৱৰ্তী গােলাঘাট, নগাঁও, শােণিতপুৰ, বিশ্বনাথ আৰু কার্বিং আলং জিলা প্রশাসন, আৰক্ষী আৰু বন বিভাগৰ প্রস্তুতিৰ পৰ্যালোচনা কৰিবৰ বাবে আজি কাজিৰঙাৰ কহঁৰাত থকা আয়'ৰা ৰিজৰ্টৰ সভাগৃহত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এক বৈঠকত মিলিত হয় ৷ বৈঠকত যোৱা ৯ মে'ত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলিত সংঘৰ্টিত গঁড় হত্যাত জড়িত চোৰাংচিকাৰীক শীঘ্ৰেই কৰায়ত্ত্ব কৰাৰ বাবে প্রয়ােজনীয় পদক্ষেপ ল'বলৈও মুখ্যমন্ত্রী সােণােৱালে আৰক্ষী আৰু বন বিভাগক নির্দেশ দিয়ে । বিষয়া সকলক দিয়া ভাষণত মুখ্যমন্ত্রী সােণােৱালে বিগত সময়ছােৱাত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপ বাবে ৰাজ্যত গঁড় হত্যা হ্রাস পাইছে বুলি মন্তব্য  কৰি অসম চৰকাৰৰ অনুৰােধ মর্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ফাষ্ট ট্রেক কোর্টে ইতিমধ্যে কেইবাগৰাকীও চোৰাং চিকাৰীক দোষী সাব্যস্ত কৰি কঠোৰ শাস্তি প্রদান কৰিছে আৰু ইয়াৰ বাবে চোৰাংচিকাৰীৰ মনত সংশয়ৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে । আগন্তুক সময়ছােৱাতাে এই পদক্ষেপ সমূহ অব্যাহত ৰখাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ গাঁওবুঢ়া, চাহ বাগিচাৰ চৰ্দাৰ আৰু সামাজিকভাৱে সক্রিয় ব্যক্তিসকলক বন্যপ্রাণী সুৰক্ষাৰ প্ৰচেষ্টাত জড়িত কৰি আগবাঢ়িবলৈ মুখ্যমন্ত্রী সােণােৱালে বৈঠকত বিষয়া সকলক নির্দেশ দিয়ে । বন্যপ্রাণী সমূহৰ স্বাস্থ্য যতনৰ প্রতি লক্ষ্য ৰাখি আৰু এই দিশত অধিক সুবিধা হােৱাকৈ পশু পালন বিভাগৰ চিকিৎসক আৰু কৰ্মচাৰীৰ লগতে বন বিভাগৰ কৰ্মচাৰীক উপযুক্ত প্রশিক্ষণেৰে কৌশলী কৰি তুলিবলৈও মুখ্যমন্ত্ৰীয়ে আজিৰ বৈঠকত নির্দেশ দিয়ে । বন বিভাগৰ খালী হৈ থকা সকলােবােৰ পদ শীঘ্ৰে পুৰণৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দি মুখ্যমন্ত্রী সােণােৱালে কয় যে বন বিভাগে বন্যপ্রাণী সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ সম্পর্কে জনসাধাৰণ যাতে অৱগত হয় তাৰ বাবে বিভাগটোৱে কার্যব্যৱস্থা হাতত লোৱা উচিত । বিগত সময়ছােৱাত ৰাষ্ট্ৰীয় উদ্যানখনত গঢ়ি তােলা ৩৩ টা হাইলেণ্ডে বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত কেনে ভূমিকা গ্রহণ কৰিছে তথা বানপানীৰ সময়ছােৱাত এই হাইলেণ্ড সমূহত কিমান সংখ্যক বন্যপ্ৰাণীয়ে আশ্ৰয় লৈছে সেই সম্পৰ্কত জৰীপ কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে নিৰ্দেশ দিয়ে । তদুপৰি বানপানীৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ হাইলেণ্ডত আৱদ্ধ হৈ থকা বন্যপ্রাণী সমূহক প্রয়ােজনীয় খাদ্য সামগ্রী যােগান নিশ্চিত কৰিবলৈও তেওঁ ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক নির্দেশ দিয়ে । সম্প্রতি ৰাজ্যখনত দেখা দিয়া আফ্রিকান ছোৱাইন ফিভাৰৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ পােহনীয়া গাহৰি যাতে বনৰীয়া গাহৰিৰ সংমিশ্রণলৈ আহিব নােৱাৰে তথা পােহনীয়া গাহৰি সমূহৰ চলাচল যাতে নিয়ন্ত্রিত হয় তাৰ বাবে পদক্ষেপ ল’বলৈ মুখ্যমন্ত্রী সােণােৱালে আটাইকেইখন জিলা প্রশাসনক আজিৰ বৈঠকতে নির্দেশ দিয়ে । এই দিশত ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া গাওঁ সমূহত সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক সচেতন কৰাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে জোৰ দিয়ে । ক'ৰণা ভাইৰাছ সংক্ৰমণৰ ফলস্বৰূপে পর্যটন খণ্ডটো ব্যাপক লােকচানৰ সন্মুখীন হােৱা প্ৰসংগ উত্থাপন কৰি এইখণ্ডৰ সৈতে জড়িত ব্যক্তিসকলক সকাহ দিয়াৰ বাবে সুপৰিকল্পিত প্রচেষ্টাৰে আগবাঢ়িবলৈও মুখ্যমন্ত্রী সােণােৱালে মন্তব্য কৰে । তদুপৰি লক ডাউনৰ ফলস্বৰূপে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৈতে জড়িত জীপ আৰু হাতী চাফাৰীৰ অপাৰেটৰ সকলে সন্মুখীন হােৱা লােকচানৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী সােণােৱালে কাজিৰঙা ফাউণ্ডেশ্যনে প্ৰদান কৰা আর্থিক সাহায্য তেওঁলােকৰ মাজত বিতৰণ কৰে । বৈঠকতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতিটো ৰেঞ্জলৈ যােগান ধৰা থার্মেল স্কেনাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আনুষ্ঠানিকভাৱে  ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালকৰ হাতত প্রদান কৰে । এই বৈঠকত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শির কুমাৰে সচিত্ৰ উপস্থাপনেৰে বিগত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনত তিনিটা গঁড় নিধন হােৱাৰ বিপৰীতে চলিত বৰ্ষত এটা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হোৱাৰ তথ্যৰ উপৰিও বানপানীৰ ব্যৱস্থাপনাও দাঙি ধৰে । লগতে আগন্তুক বানপানীৰ সময়ছােৱাত বন্যপ্রাণীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৩০০ খন নাও, ১৮ খন স্পীড বােট আৰু ভাসমান কেম্প সাজু কৰি তােলা হৈছে বুলিও জনায় । ৰাষ্ট্ৰীয় উদ্যানখনত অতিৰিক্ত হাইলেণ্ড নির্মাণৰ বাবে কেন্দ্রীয় চৰকাৰৰ ওচৰত ইতিমধ্যে প্রস্তাৱ দাখিল কৰা হৈছে আৰু কেন্দ্রীয় চৰকাৰেও বিষয়টো ইতিবাচক দৃষ্টি ভংগীৰে বিবেচনা কৰিছে বুলি সঞ্চালক গৰাকীয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে । এই বৈঠকত বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্রী অতুল বৰা, জলসম্পদ মন্ত্রী কেশৱ মহন্ত, বিধায়ক বিমল বৰা আৰু অশােক শর্মা, গােলাঘাট, নগাঁও, শােণিতপুৰ, বিশ্বনাথ আৰু কার্বিং আলং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু বন সংমণ্ডল বিষয়াসকলৰ লগতে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱৰ উপৰিও আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে । নিশা কাজিৰঙাৰ কহঁৰাত থকা আৰক্ষীৰ অতিথি শালাতে কটায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷