বোকাখাতত সাপ্তাহিক বাতৰি ৰাইজৰ খবৰৰ সপ্তদশক বৰ্ষপুৰ্তি আৰু কাজিৰঙা নেটৱৰ্কৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠান : তৰ্ক প্ৰতিযোগিতা :

বোকাখাতত সাপ্তাহিক বাতৰি ৰাইজৰ খবৰৰ সপ্তদশক বৰ্ষপুৰ্তি আৰু কাজিৰঙা নেটৱৰ্কৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য অনুষ্ঠান  : তৰ্ক প্ৰতিযোগিতা  :
Aiidesh Photo

Aiidesh News : 21 March,2023 : 

বোকাখাতৰ পৰা মহকুমা সাংবাদিক সন্থাৰ পৃষ্ঠপোষকতাত প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত ৰাইজৰ খবৰৰ সপ্তদশক বৰ্ষপুৰ্তি আৰু কাজিৰঙা নিউজ নেটৱৰ্কৰ ঊনবিংশতিতম প্ৰতিষ্ঠা দিৱস বিশেষ অনুষ্ঠান ১৯ মাৰ্চত বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হয় ৷ অনুষ্ঠানতে কাজিৰঙা নিউজ নেটৱৰ্কৰ বাৰ্ষিক 'কাজিৰঙা বঁটা' প্ৰদান কৰাৰ লগতে ৰাইজৰ খবৰৰ সপ্তদশ বৰ্ষপূৰ্তিৰ সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷ 

দিনজোৰা এই কাৰ্যসুচীৰ পুৱা ছহীদ তৰ্পন কৰে প্রবীণ সাংবাদিক তথা 'আপকু'ৰ  প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শ‍ইকীয়াই ৷ স্মৃতি তৰ্পণ কৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি  বুবুল দত্ত আৰু দাতাৰ পৰিয়ালবর্গই । ৰাইজৰ খবৰৰ প্ৰধান সম্পাদক জিতু শৰ্মা ৰাজখোৱাই আদৰণী ভাষণ প্ৰদান কৰাৰ পিচতেই সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে নুমলীগড় শোধনাগাৰ জ্যেষ্ঠ মহাপ্ৰৱন্ধক ড° কাজল শ‍ইকীয়াই ৷ সাম্প্ৰতিক সময়ৰ সংবাদ মাধ্যমৰ ভুমিকা আৰু স্থিতি গনতন্ত্ৰৰ বাবে ভাবুকি নহয় শীৰ্ষক তৰ্ক প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰৰ মুঠ ১৮ টা দলে অংশ গ্ৰহন কৰে ৷ বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰৱক্তা গোপিকানন্দ শইকীয়াৰ অধ্যক্ষতা আজিৰ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ পুৱা অনুষ্ঠানৰ আৰম্ভনীতেই নাৰীৰ অধিকাৰ আৰু সুৰক্ষা মঞ্চৰ সদস্য সকলে জাতীয় সংগীত আৰু 'ৰাইজৰ খবৰ 'ৰ শীৰ্ষ গীত পৰিৱেশন কৰে ৷ অনুষ্ঠানতে বিশিষ্ট লেখিকা  সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ উদ্যোগতাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

বিয়লিলৈ আয়োজিত বঁটা বিতৰণী সভাত সদৌ অসম ভিত্তি অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতা আৰু বঁটা কাজিৰঙা নিউজ নেটৱৰ্কৰ বাৰ্ষিক ৰ্বঁটা প্ৰদান কৰা হয় ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্রী অতুল বৰাই অংশ গ্ৰহন কৰাৰ লগতে বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া  নীৰা ৰায়, নুমলীগড় শোধনাগাৰক মহাপ্ৰৱন্ধক মিন্টু সন্দিকৈ, উপ-মহাপ্ৰৱন্ধক বিশ্বজিত বৰা, অসম ক্রীড়া ব'ৰ্ড উপাধ্যক্ষ, আকাশ ফুকন, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্রদীপ ডেকা,  বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সুবৰ্ণ শ‍ইকীয়া বৰদলৈ, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈ, চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয় অধ্যক্ষ ড° সুজিত দত্ত, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি বিপুল বৰাকে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷ 

প্ৰতিযোগিতাত দৰং মহাবিদ্যালয়ৰ মনোজ কুমাৰ বৰুৱা আৰু হিমাঞ্চল দত্তই প্রথম শ্ৰেষ্ঠ দলৰ স্থান লাভ কৰি মেহুৰাম বৰা সোঁৱৰণী বঁটা,মানপত্ৰ আৰু নগদ ধন লাভ কৰে ৷ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ৰৌনক ৰূপম পৰাশৰ আৰু দিম্পীমনি দত্তৰ দলে দ্বিতীয় স্থান লাভ কৰি জিতেন বৰুৱা সোঁৱৰণী বঁটা, মানপত্ৰ আৰু নগদ ধন লাভ কৰে ৷ একেদৰে দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়ৰ দিব্যজ্যোতি নাথ আৰু উৎপল জ্যোতি বৰাৰ দলে তৃতীয় স্থান লাভ কৰি উত্তম বৰদলৈ সোঁৱৰণী বঁটা , মানপত্ৰ আৰু নগদ ধন লাভ কৰে ৷ প্ৰতিযোগিতাত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ নীলাভ নয়ন সন্দিকৈয়ে শ্ৰেষ্ঠ তাৰ্কিকৰ স্থান লাভ কৰি গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণী বঁটা, মানপত্ৰ আৰু নগদ ধন লাভ কৰাৰ বিপৰীতে নাজিৰাৰ দিল্লী পাব্লিক স্কুলৰ অভিনৱ বৰগোহাঁয়ে দ্বিতীয় শ্রেষ্ঠ তার্কিকৰ নীৰুদাস তালুকদাৰ সোঁৱৰণী বঁটা, মানপত্ৰ আৰু নগদ ধন লাভ কৰিবলৈ সক্ষম হয় ৷

*********