কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন I সদ্যজাত বিভাগীয় হাতী পোৱালী নামকৰণ  I বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে বুধবাৰে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ বনাঞ্চলতো বিশ্ব হস্তী দিৱস পালন কৰা হয় ৷ এই উপলক্ষে ৰাষ্ট্ৰীয় উদ্যান খনৰ কহঁৰা বনাঞ্চলৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানৰ আৰম্ভনীতে হস্তী দিৱস উপলক্ষে ৰাষ্ট্ৰীয় উদ্যান খনৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই হাতীৰ বিভিন্ন দিশ সামৰি সচিত্ৰ উপস্থাপন দাঙি ধৰাৰ লগতে বিশ্ব প্ৰকৃতি নিধিৰ হৈ ড৹ প্ৰনৱ জ্যোতি বৰায়ো কাজিৰঙা কাৰ্বি আংলং হস্তী প্ৰকল্পৰ বিভিন্ন দিশ সামৰি সচিত্ৰ উপস্থাপন দাঙি ধৰে ৷ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ, উপ বন সংৰক্ষক প্ৰদীপ কুমাৰ ব্ৰহ্ম আৰু খৰ্গ সিং ডেকাৰজা , জেষ্ঠ সাংবাদিক বুবুল দত্ত আৰু স্বপন নাথৰ লগতে বে চৰকাৰী সংগঠনৰ বিষয় ববীয়া , স্থানীয় সাংবাদিক আৰু বনকৰ্মী সকলো উপস্থিত থাকে ৷ অনুষ্ঠানত সঞ্চালক পি শিৱকুমাৰে কাজিৰঙা কাৰ্বি আংলং হস্তী প্ৰকল্পৰ প্ৰয়োজনীয়তা আৰু সৰ্বসাধাৰণৰ কৰনীয় কাৰ্যৰ বিষয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ অনুষ্ঠানত সাংবাদিক বুবুল দত্ত , স্বপন নাথ নীলপদ্ম শৰমা, আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ড৹ ৰথীন বৰ্মনে হাতী সংৰক্ষণৰ ওপৰত বক্তব্য ৰাখে ৷ গোলাঘাটৰ অনাকেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত কাজিৰঙাত ১৩ জুলাই পদ্মিনী নামৰ বিভাগীয় হাতীজনীয়ে জন্ম দিয়া হাতী পোৱালীটোৰ নাম পাহাৰী বুলি নামাকৰণ কৰা হয় ৷