কাকচাংৰ ৰয়েল ৰংহাঙৰ হত্যাৰ অপৰাধত দুৰ্লভ ডেকা নামৰ এজনক আটক বোকাখাত আৰক্ষী :

কাকচাংৰ ৰয়েল ৰংহাঙৰ হত্যাৰ অপৰাধত দুৰ্লভ ডেকা নামৰ এজনক আটক বোকাখাত আৰক্ষী  :
Aiidesh Photo

Aiidesh News  : 30 March - 2024 :

বোকাখাত - কাৰ্বিআংলং সীমান্তৰ কাকচাং ৰ পথত ৰয়েল ৰংহাঙ নামৰ যুৱকজনৰ  হত্যাকাণ্ডত জড়িত এজনক লোকক আটক কৰিছে বোকাখাত আৰক্ষীয়ে । ৰয়েল ৰংহাঙৰ হত্যাকাণ্ডৰ অপৰাধত কাঠ ব্যৱসায়ী বোকাখাতৰ দূৰ্লভ ডেকা ওৰফে কেৰানীক আজি আটক কৰিছে বোকাখাত আৰক্ষীৰ । ৰয়েল ৰংহাঙৰ নৃশংস হত্যাকাণ্ডৰ পিচত ছয়টা কৈ দিন উকলি যোৱাৰ পিচত আজি বোকাখাতৰ কৈলাখাট গাওঁৰ নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে হত্যাকাণ্ডত জড়িত থকাৰ অপৰাধত আটক কৰিছে  দূৰ্লভ ডেকা ওৰফে কেৰাণীক । ইতিমধ্যেই ধৃত দুৰ্লভ ডেকাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত বোকাখাত মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰিছে বোকাখাত আৰক্ষীয়ে ৷ 

উল্লেখ্য যে ২৪ মাৰ্চৰ নিশা বোকাখাত - কাৰ্বিআংলং সীমান্তৰ কাকচাংত নিজৰ গাড়ীৰ চালকৰ আসনতে ডিঙি কাটি অতি নৃশংসভাৱে হত্যা কৰিছিল কাকচাংৰ যুৱ ব্যৱসায়ী ৰয়েল ৰংহাঙক । উক্ত নিশা পথৰ ওপৰতে নিজৰ AS09-5343 নম্বৰৰ বাহন খনৰ ভিতৰতে ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছিল ৰয়েল ৰংহাঙৰ মৃতদেহ ।এই লোমহৰ্ষক হত্যাকাণ্ডৰ পিচতেই বিগত সময়ত  শতাধিক কাৰ্বি ৰাইজে দুবাৰকৈ বোকাখাত থানা ঘেৰাও কৰি ৰয়েল ৰংহাঙৰ হত্যাকাৰীক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷