সহজ- সৰল চাহ শ্ৰমিকৰ প্ৰকৃতি প্ৰেমৰ নিদৰ্শন -বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ সংৰক্ষণ

সহজ- সৰল চাহ শ্ৰমিকৰ প্ৰকৃতি প্ৰেমৰ নিদৰ্শন -বিলুপ্তপ্ৰায় হলৌ বান্দৰৰ সংৰক্ষণ
বিলুপ্তপ্ৰায় হলৌ বান্দৰ ( Image use only for reference )

ঢেকিয়াজুলিৰ এখন চাহ বাগিছা চাৰিওফালে  গৈছে বিলুপ্তপ্ৰায় প্ৰজাতিৰ  হলৌ বান্দৰ৷  চাহ বাগিছাৰ  সহজ সৰল চাহ শ্ৰমিক সকলৰ মাজত এই বান্দৰ 'হনুমান ’বুলি পৰিচিত৷ বিলুপ্তপ্ৰায় হলৌ বান্দৰে  চাহ বাগিছাখনত এক অন্যমাত্ৰা প্ৰদান কৰিছে ৷  ঢেকিয়াজুলিৰ মোনাবাগ চাহ বাগিচাত দুষ্প্ৰাপ্য হলৌ বান্দৰৰ  জাকটোৰ মাজত লকডাউনৰ মাজতে জন্ম গ্ৰহন কৰিছে এটা হলৌ বান্দৰৰ পোৱালীয়ে।চাহ বাগিছা খনত বিগত বহু বছৰৰ পৰাই থিতাপি লৈ আছে লুপ্তপ্ৰায় হলৌ বান্দৰে ৷চাহ বাগিছা কৰ্তৃপক্ষৰ আৰু বাগিছা খনৰ শ্ৰমিক সকলেও হানি- বিঘিনি নকৰাৰ বাবে বাগিছা খনৰ গছৰ ডালত মুক্ত মনে বিচৰন কৰি আহিছে হলৌ বান্দৰৰ জাকটোৱে৷ ক্ৰমান্বয়ে বংশ বৃদ্ধি হৈ হলৌ বান্দৰ সংখ্যা ইয়াত বৰ্তমান প্ৰায় ৭০টাতকৈ অধিক হৈছে ৷ আমাৰ সংবাদদাতাক শ্ৰমিকসকলে অৱগত কৰা মতে -’চাহ বাগিচা খনৰ কাষতে থকা সোনাই- ৰূপাই অভয়াৰন্য খন ধ্বংসৰ হোৱাৰ পিছতেই দুষ্প্ৰাপ্য হলৌ বান্দৰে চাহ বাগিছা খনত আহি থিতাপি লৈছিল৷ চাহ শ্ৰমিক সকলেও প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰি কোনো দিনে হানি -বিঘিনি নকৰাৰ বাবেই হলৌ বান্দৰে ইয়াত মুক্ত মনে বসবাস কৰি আহিছে৷ যদিও এই বান্দৰক প্ৰকৃত নাম হলৌ বান্দৰ বুলি কোৱা হয় কিন্তু আমি মৰমতে সিঁহতক ৰাম ভক্ত “হনুমান" বুলি মাতো ৷’উল্লেখ্য যে, হলৌ এবিধ লুপ্তপ্ৰায় বন্যপ্ৰাণী৷ ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন অনুসৰি হলৌ বান্দৰ ১ নং তালিকাভুক্ত প্ৰাণী৷ এই প্ৰাণীবিধক ধৰা, মাৰা বা কিনা-বেচা কৰা আনকি ঘৰত আৱদ্ধ কৰি ৰখা আইন মতে দণ্ডনীয় অপৰাধ৷ 

ADD ON
হলৌ বান্দৰ ব্ৰহ্মপুত্ৰ আৰু দিবাং নদীৰ দক্ষিন পাৰেহে দেখিবলৈ পোৱা যায় ৷ হলৌ বান্দৰক স্থানীয় লোকে বন মানুহ বুলি কয় ৷ ঢেকিয়াজুলিৰ মোনাবাগ চাহ বাগিচাত দেখা বান্দৰৰ প্ৰজাতি টুপীয়া বা টুপী মুৰীয়া বান্দৰহে হব পাৰে ৷ টুপীমুৰীয়া বান্দৰকহে স্থানীয় লোকে হনুমান বুলি মাতে আৰু ভক্তি কৰে ৷ হলৌ বান্দৰৰ নেজ নাথাকে ৷ বিপৰীতে টুপীমুৰীয়া বান্দৰৰ নেজ যথেষ্ট দিঘল হয় ৷ হলৌ বান্দৰৰ মতাটোৰ বৰণ কলা আৰু মাইকীজনী গাৰ ৰং মুগা বৰণৰ হয় ৷

By Uttam Saikia
Honorary Wildlife Warden, Kaziranga