ক'ৰনা আতংকৰ মাজতে বুঢ়া ডাঙৰীয়াৰ আৰ্শীবাদ বিচাৰিলে তিতাবৰ দেওঘৰীয়াৰ ৰাইজে।

হেপাহৰ ৰঙালী বিহু অসমীয়াৰ অতিকে আপোন। হাজাৰ বিপদ বিঘিনি আহিলেও অসমীয়াৰ তেজৰ শিৰাই শিৰাই প্ৰৱাহিত হৈ থকা বিহুক জানো অনাদৰ কৰিব পাৰি। বিহু অসমীয়া জাতিৰ মন আৰু প্ৰাণ। বিহুক বাদ দি অসমীয়া জাতিৰ কোনো অস্তিত্ব নাই,, কোনো চিনাকি নাই। মহামাৰী ক'ৰনাত সমগ্ৰ দেশতে তলাবন্ধ কাৰ্যসূচী। দূৰ্যোগৰ মাজতে অসমীয়াৰ মাজলৈ অহা বিহুটিও যেন এইবাৰ নিস্প্ৰাণ নিস্প্ৰভ। তথাপিতো অসমীয়াৰ আশা বিহুৱেই যেন ধুই শেষ কৰি নিব কালৰুপী ক'ৰ'নাৰ কলুষতা। এই আশাৰেই গৰুবিহুৰ দিনাই তিতাবৰ দেওঘৰীয়াৰ ৰাইজে শতিকা পুৰণি বুঢ়ানামঘৰৰ মুখত বিহুজুৰি নেদেখাজনৰ আৰ্শীবাদ বিচাৰিলে। সকলো অসূয়া অপ্ৰীতি নাশ হওক তাৰ কামনাৰেই।