বোকাখাত সমষ্টিৰ বাদুলীপাৰত ছাত্ৰ সন্থাৰ উদ্যোগত মাক্স বিতৰণ :

বোকাখাত সমষ্টিৰ বাদুলীপাৰত ছাত্ৰ সন্থাৰ উদ্যোগত মাক্স বিতৰণ :
Photo by Uttam Saikia
বোকাখাত সমষ্টিৰ বাদুলীপাৰত ছাত্ৰ সন্থাৰ উদ্যোগত মাক্স বিতৰণ :


কভিড ১৯ ৰ সংক্ৰমন ৰোধৰ বাবে দেশ জনসাধাৰণক মাক্স পৰিধান কৰাতো বাধ্যতামুলক কৰাৰ সময়ত কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টি বোকাখাতৰ বাদুলীপাৰত জনসাধাৰণৰ মাজত বুধবাৰে মাক্স বিতৰণ কৰে ছাত্ৰ সন্থাই ৷ বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ উদ্যোগত বুধবাৰৰ দিনা সৰ্বসাধাৰণৰ মাজত দুশ মাক্স বিতৰণ কৰা হয় ৷ বোকাখাত মহকুমা ছাত্ৰ সন্থা সভাপতি  মানৱ গগৈ , বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মোস্তাক আহমেদ ,  সাধাৰণ সম্পাদক বিশ্বদীপ শইকীয়া আৰু  সম্পাদক বিশ্বজিত শইকীয়াই বাদুলীপাৰৰ জনসাধাৰণক মাজত মাক্স বিতৰণ কৰি মাক্স পৰিধান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ৷