পঞ্চভূতত বিলীন হল বৈষ্ণৱ পণ্ডিত

 

পঞ্চভূতত বিলীন হল বৈষ্ণৱ পণ্ডিত, সত্ৰীয়া সংস্কৃতিৰ সাধক, তথা শংকৰ দেৱ বঁটা প্ৰাপক শ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামীৰ নশ্বৰ দেহ I ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন I অগণন গুণ মুগ্ধ উপস্থিত:শোক স্তব্ধ মাজুলী I ৰাজ্যিক মৰ্যাদাৰে শোকাকুল পৰিবেশত বুধবাৰে  পুৱা শংকৰদেৱ বঁটা বিজেতা তথা সাহিত্যিক পেঞ্চন লাভ কৰা সত্ৰীয়া সংস্কৃতিৰ এটি মুকুটা শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নমস্য পূজ্যস্পাদ  ডিলিট নাৰায়ণ চন্দ্ৰ গোস্বামীৰ শেষকৃত্য সম্পন্ন হয়। অগণন গুণ মুগ্ধ উপস্থিতত পঞ্চভূতত বিলীন হল বৈষ্ণৱ পণ্ডিত গৰাকী । উল্লেখ্য যে  সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণ ৰেখা"ৰ  দৰে মহান গ্ৰন্থৰ প্ৰণেতা বৈষ্ণৱ পণ্ডিত গৰাকীৰ মৃত্যুত ম্ৰিয়মান মাজুলী বাসী।পুৱা গায়ন বায়নেৰে তেখেতৰ নশ্বৰ দেহ বাসগৃহৰ সন্মুখৰ পৰা আদৰি অনাৰ পাছতেই মাজুলীৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।ইয়াৰ পাছতেই তিনি যাই গুলি ফুটাই ৰাজ্যিক মৰ্যাদাৰে  শেষকৃত্য সম্পন্ন কৰে । উল্লেখ্য যে মঙ্গলবাৰে পুৱা ১০-৩০ বজাত উজ্বল নক্ষত্ৰ , বৈষ্ণৱ সাহিত্যৰ পণ্ডিত শ্ৰী নাৰায়ণ চন্দ্ৰ  গোস্বামীৰ গুৱাহাটী নেইমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছিল ।তেখেতৰ মৃত্যু খবৰ বিয়পি পৰাৰ লগে লগেই মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ লগতে সত্ৰপৃঠ মাজুলীত এক অভাৱনীয় পৰিবেশৰ সূচনা হয়।মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা তেখেতৰ শিষ্য প্ৰশিষ্য সকলৰ শোকত ম্ৰিয়মান হৈ পৰে। প্ৰায় দুমাহ ধৰি উক্ত চিকিৎসালয়ত চিকিৎসাধীন আছিল ।দীৰ্ঘদিন ধৰি  যকৃত আৰু কঁকালৰ বিষত ভূগি শয্যাগত হৈ থকা সত্ৰাধিকাৰ গৰাকীয়ে কালি কাইমকেয়াৰ হস্পিতালতে ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।তেওঁৰ মৃত্যুৰ খবৰ পায়েই নেইমকেয়াৰ হস্পাটালত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঋষিকেশ গোস্বামী, শান্তনু ভৰালী উপস্থিত হৈ শ্ৰদ্ধা জ্ঞাপন কৰে।ইয়াৰ পিছতেই শংকৰদেৱ কলা ক্ষেত্ৰলৈ সত্ৰাধিকাৰ গৰাকীৰ নশ্বৰ দেহ নিয়া হয়।তাতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে দেৱ ,যুৱ বিধায়ক বিমল বৰা, আৰু আঙুৰলতা ডেকাই নশ্বৰ দেহত পূষ্পাঞ্জলি দি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।ইয়াৰ পিছতেই সত্ৰাধিকাৰ গৰাকীৰ নশ্বৰ দেহ মাজুলীলৈ অনা হয়। উল্লেখ্য যে মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰত জন্ম গ্ৰহণ কৰি সাত বছৰ বয়সতে শ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামীক মাজুলীৰ কমলাবাৰী সত্ৰলৈ আনায়ণ কৰা হয় আৰু ১৯৭২ চনত নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ৰূপে নিৰ্মালী গ্ৰহন কৰে। অত্যন্ত মেধা সম্পন্ন সত্ৰাধিকাৰ গৰাকীয়ে সত্ৰতেই আনুস্থানিক শিক্ষা গ্ৰহন কৰি ব্যাকৰণ শাস্ত্ৰী উপাধি লাভ কৰে আৰু পৰৱৰ্তী  সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তেখেতক ডি.লিট্ (Doctor of Literature) উপাধি প্ৰদান কৰে । জীৱনৰ সমস্ত সময় সত্ৰীয়া পৰিৱেশত থাকি শ্ৰীমন্ত শঙ্কৰ-মাধৱ গুৰুদুজনাৰ সেৱাত নিমৰ্জিত এই জনা সত্ৰাধিকাৰ প্ৰৱৰৰ কাপেৰেই সৃষ্টি হৈছিল "সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণ ৰেখা"ৰ  দৰে মহান গ্ৰন্থৰ । মাত্ৰ ২০ বছৰ বয়সতেই এটা প্ৰৱন্ধৰেই নিজ পাণ্ডিত্যৰ উমান দিছিল ।