মাৰোৱাৰী মহিলা সমিতিৰ দ্বাৰা বোকাখাত হিন্দী হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত শিকণ সামগ্ৰী বিতৰণ :
Aiidesh News : 11 May - 2026 :
বোকাখাত নৱশক্তি সৃজন শাখা মাৰোৱাৰী মহিলা সমিতিৰ দ্বাৰা বোকাখাত হিন্দী হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক আজি শিকণ-শিক্ষণ সামগ্ৰী প্ৰদান কৰে। মহিলা সমিতিৰ অধ্যক্ষা পূজা বাজাজ আগৰৱালা, সচিব সোনম পোদ্দাৰ আৰু কোষাধ্যক্ষ নেহা চৌধুৰীৰ নেতৃত্বত অহা সমিতিৰ সদস্যাসকলে প্ৰায় বাৰ হাজাৰৰো অধিক মূল্যৰ লিখন শিকণ সামগ্ৰী নিজ হাতে বিতৰণ কৰে । বিদ্যালয়ৰ "ক" শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ডেৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত বহী, চিত্ৰ অংকন বহী, কলম, পেন্সিল, স্কেল, ৰং, পেন্সিল বাকচ, জ্যামিতি বাকচ,পেন্সিল জোঙা কৰা মেচিন, ৰবৰ, চকলেট আদি বিতৰণ কৰে আৰু মহিলা সমিতিৰ দলটিত অহা প্ৰিয়া চৌধুৰী,নেহা চৌধুৰী, মিঠু মিট্টাল, নেহা কানাইয়া, স্বাতী জয়ছুৰীয়া, তানিকা আগৰৱালা, জ্যোতি ম'ৰ আৰু প্ৰীতি গৌতমেও সহযোগিতা আগবঢ়ায় । বিদ্যালয়ৰ পৰিয়ালৰ পৰা তিনি গৰাকী সমিতিৰ বিষয়-ববীয়াক গামোছাৰে আদৰণি জনোৱা হয় আৰু তেওঁলোকৰ এনে পদক্ষেপক প্ৰশংসা কৰে । বিদ্যালয়ৰ প্ৰধান শিক্ষক বগাই চিন্তেই আঁত ধৰা অনুষ্ঠানত নেহা চৌধুৰীয়ে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশি বক্তব্য আগবঢ়ায় । সভাত ছাত্ৰ ছাত্ৰী সকলে ভোজন মন্ত্ৰ, শান্তি মন্ত্ৰ আৰু গীত পৰিবেশন কৰে । অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ৰাম কুমাৰ আগৰৱালাও মহিলা সমিতিৰএনে প্ৰচেষ্টাক প্ৰশংসা কৰে ।
**********



