বোকাখাত সমজিলাৰ কাকচাংত প্ৰাপ্য মজুৰীৰ দাবীত চাহ শ্ৰমিকৰ প্ৰতিবাদ :
Aiidesh News : 20 April - 2026 :
বোকাখাত সমজিলাৰ কাকচাংত আজি প্ৰাপ্য মজুৰীৰ দাবীত কাম বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোত থকা ক্ষুদ্ৰ চাহ বাগিছাৰ শ্ৰমিক সকলে । শেষতীয়াকৈ অসম চৰকাৰে চাহ শ্ৰমিকৰ মজুৰী ২৮০ টকা নিৰ্দধাৰন কৰি দিয়াৰ পিচতো অঞ্চলটোৰ ক্ষুদ্ৰ চাহ বাগিছাৰ মালিক সকলে শ্ৰমিক সকলক এই প্ৰাপ্য মজুৰী দিয়াৰ পৰিবৰ্তে মাত্ৰ দুশ টকাহে মজুৰীৰ নামত প্ৰদান কৰি আহিছে ৷ দীৰ্ঘদিন প্ৰতিবাদৰ কৰি অহাৰ পিচতো শ্ৰমিক সকলৰ মজুৰী বৃদ্ধিৰ বাবে কোনো পদক্ষেপেই নললে এই বাগিছা সমুহৰ মালিক সকলে ৷ সাম্প্ৰতিক সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ উপৰিও বজাৰত হোৱা অত্যাধিক মূল্য বৃদ্ধিৰ বিপৰীতে এই ক্ষুদ্ৰ চাহ বাগিচা বোৰৰ মালিক পক্ষই মাত্ৰ দুশ টকাহে মজুৰী প্ৰদান কৰি অহাৰ বাবে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বোকাখাত সমজিলা সমিতিৰ নেতৃত্বত বাগিছাৰ কাম বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদথলিত তেওঁলোকৰ প্ৰাপ্য মজুৰী আৰু বাগিছা শ্ৰম আইনৰ নুন্যতম সুবিধা সমুহ আদায় দিবৰ বাবে প্ৰতিবাদ কৰে । আদিবাসী ছাত্ৰ সন্থাৰ বোকাখাত সমজিলা সমিতিৰ সভাপতি সুৰজিত পাইক আৰু উপ সভাপতি বিমল প্ৰজাও উপস্থিত থাকে । মজুৰী বৃদ্ধিৰ বাবে ক্ষুদ্ৰ চাহ বাগিচা বোৰৰ মালিক কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহন নকৰিলে শ্ৰমিক সকলে কৰ্ম বিৰতি অব্যাহত ৰখাৰ উপৰিও বোকাখাত সমজিলাৰ আয়ুক্তকো বিষয়টোৰ সম্পৰ্কত লিখিত অভিযোগ দিয়া হ’ব বুলি সন্থাৰ সভাপতি সুৰজিত পাইকে জনায় । অকল মজুৰী বৃদ্ধিয়েই নহয় বাগিছা শ্ৰম আইনৰ অধীনত পাব লগা সুবিধা সমুহো শ্ৰমিক সকলে পাব লাগিব বুলি সুৰজিত পাইকে জনায় ।
**************



