কৰ'ণা ভাইৰাচৰ সংক্ৰমনকলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিশেষ সতৰ্কতা

কৰ'ণা ভাইৰাচৰ সংক্ৰমনকলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বিশেষ সতৰ্কতা
Image Courtesy : www.yatra.com



নিউয়ৰ্ক চিটিৰ চিৰিয়াখানাৰ এটা বাঘৰ শৰীৰত কৰ'ণা ভাইৰাচ ধৰা পৰাৰ পাচত সতৰ্ক হৈ পৰিছে ভাৰতৰ পৰিবেশ আৰু বন মন্ত্ৰালয় ৷ বাঘৰ শৰীৰত কৰ'ণাৰ উপস্থিতি ধৰা পৰাৰ পাচত কেন্দ্ৰীয় চৰকাৰৰ বাঘ সংৰক্ষণ প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় চিৰিয়াখানা প্ৰাধিকৰণে প্ৰতিখন ৰাজ্যৰ চৰকাৰলৈ কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ৷ ইতিমধ্যে ৰাজ্য সমুহৰ চিৰিয়াখানা আৰু সংৰক্ষিত বনাঞ্চল , ৰাষ্ট্ৰীয় উদ্যান তথা বাঘ্ৰ প্ৰকল্পৰ বনাঞ্চলক অধিক সতৰ্ক হবৰ বাবে নিৰ্দেশ দিয়া হৈছে ৷ 

দেশৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ গাতে লাগি থকা পানবাৰীৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ নামৰ কেন্দ্ৰটোলৈও কৰ'ণা সংক্ৰমন প্ৰতিৰোধৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা আহিছে ৷ কাজিৰঙাৰ বন্যপ্ৰাণীৰ নিৰপত্তা আৰু কৰ'ণা সংক্ৰমন প্ৰতিৰোধৰ বাবে এই নিৰ্দেশাৱলী কঠোৰ ভাৱে বলবৎ কৰিছে বন বিভাগে ৷ মানুহৰ সংস্পৰ্শৰ পৰা আতঁৰাই কেন্দ্ৰটোত থকা বন্যপ্ৰাণীৰ প্ৰতিপালন কৰিছে পানবাৰীৰ এই কেন্দ্ৰটোয়ে ৷ কেন্দ্ৰত থকা প্ৰতিটো বন্যপ্ৰাণীৰ স্বাস্থ্য সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে পশু চিকিৎসক সকলে ৷ ইয়াৰ লগতে কেন্দ্ৰৰ এনিমেল কীপাৰ পশু চিকিৎসক সকলেও সৱধানতা পালন কৰিছে ৷ 

কাজিৰঙাৰ ভিতৰৰ প্ৰতিটো বন শিৱিৰলৈ বিভাগীয় তত্বাৱধানত খাদ্য সামগ্ৰী যোগান ধৰা হৈছে ৷ যাতে লক ডাউনৰ সময় চোৱাত কোনো কাৰণতে যাতে তেওঁলোক ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলায় আহিব লগা নহয় ৷ উদ্যানখনৰ প্ৰতিটো বন শিৱিৰতে বন কৰ্মী সকলক হাত ধোৱাৰ বিশেষ ব্যৱস্থা কৰা হৈছে ৷ লক ডাউনৰ সময়ত ওলায় আহিব পৰা বন্যপ্ৰাণীক কোনো কাৰণতে আৱদ্ধ বা কৰায়ত্ব নকৰিবৰ বাবে বিশেষ সজাগতাৰ ব্যৱস্থা কৰিছে অসমৰ বন বিভাগে ৷ 
********