কাজিৰঙাৰ চতুৰ্দশ গঁড় গননাৰ ফলাফল ঘোষণা : এইবাৰৰ গননাত পোৱা ২৬১৩ টা গঁড়ৰ সৈতে বিগত চাৰিটা বৰ্ষত কাজিৰঙাত বৃদ্ধি পাইছে ২০০ টা গঁড় :

কাজিৰঙাৰ চতুৰ্দশ গঁড় গননাৰ ফলাফল ঘোষণা : এইবাৰৰ গননাত পোৱা ২৬১৩ টা গঁড়ৰ সৈতে বিগত চাৰিটা বৰ্ষত কাজিৰঙাত বৃদ্ধি পাইছে ২০০ টা গঁড়  :
Aiidesh photo

Aiidesh News  : 29th March  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ২৫ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈকে চলা ১৪ সংখ্যক গঁড়ৰ বিভাগীয় গননা সুকলমে সমাপন হোৱাৰ পিচত আজি গননাৰ ফলাফল ঘোষণা কৰে উদ্যান কৰ্তৃপক্ষই ৷ এই ঘোষণা মতে ২০১৮ চনৰ গননাৰ তুলনা এইবাৰ মুঠ ২০০ টা গঁড় কাজিৰঙাত বৃদ্ধি পাইছে ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰাত থকা মহী মিৰি প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত সঞ্চালক যতীন্দ্ৰ শৰ্মাই আনুষ্ঠানিক ভাৱে ২০২২ চনৰ গঁড় গননাৰ ফলাফল ঘোষণা কৰে ৷ সঞ্চালক জনে কৰা ঘোষণা মতে হৈ যোৱা গঁড় গননাত ৰাষ্ট্ৰীয় উদ্যান খন সৰ্বমুঠ ২৬১৩ টা গঁড় পোৱা হয় ৷  ২৬ মাৰ্চ ৰ পৰা ২৮ মাৰ্চ ২০২২ লৈকে হোৱা এই গননাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ ৭৬ টা কম্পাৰ্টমেন্টত আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ৮ টা কম্পাৰ্টমেন্টত  গঁড় গননা কৰা হয় ৷

গননাৰ প্ৰথম দুটা দিনত আমন্ত্ৰিত গননাকাৰীৰ সহায়ত মুঠ ৮৪ টা কম্পাৰ্টমেন্ট আৰু তৃতীয় দিনা উক্ত কম্পাৰ্টমেণ্টৰ মাজৰ মুঠ ২৬ টা কম্পাৰ্টমেন্টত পুনৰ পৰীক্ষা আৰু গণনাৰ কৰা হয় । এই গননাৰ কাৰ্যত মুঠ ৬৪ জন গননাকাৰী, ১২ গৰাকী পৰ্যবেক্ষক, ৪৯ গৰাকী সংবাদকৰ্মীয়ে অংশ গ্ৰহন কৰাৰ উপৰিও ৫০ টা হাতী আৰু মাউটৰ লগতে প্ৰতক্ষ্য ভাৱে ২৫২ গৰাকী বনকৰ্মীক জড়িত  কৰা হয় ৷ 

সঞ্চালক যতীন্দ্ৰ শৰ্মাই কৰা ঘোষণা মতে চতুদৰ্শ গঁড় গননাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুঠ ২৬১৩ টা গঁড় পোৱা হয় ৷ ইয়াৰে ৭৫০ টা প্ৰাপ্ত বয়স্ক মতা, ৯০৩ জনী প্ৰাপ্ত বয়স্ক মাইকী, ১৭০ টা লিংগ নিৰূপন কৰিব নোৱাৰা গঁড়, ১১৬ টা মতা ডেকেৰুৱা গঁড়, ১৪৬ জনী মাইকী ডেকেৰুৱা গঁড়, ১০৩ টা লিংগ নিৰূপন কৰিব নোৱাৰা ডেকেৰুৱা গঁড়, ২৭৯ টা চেমনীয়া আৰু ১৪৬ টা পোৱালী গঁড় পোৱা হয় ৷ গননাৰ বাবে প্ৰতিজন গননাকাৰীক উন্নত প্ৰযুক্তিৰ জে পি এছ আৰু বায়ন'কুলাৰো প্ৰদান কৰে উদ্যান কৰ্তৃপক্ষই ৷ উল্লেখ্য যে প্ৰতি ৪ বছৰৰ মুৰে মুৰে অনুষ্ঠিত এই গঁড় গননাত ২০১৫ চনত কাজিৰঙাত ২৪০১ টা আৰু ২০১৮ চনত ২৪১৩ টা গঁড় পোৱাৰ পিচত এইবাৰ ২৬১৩ টা গঁড় পোৱা গৈছে ৷

উল্লেখ্য যে এইবাৰ কাজিৰঙাৰ গঁড় গননাত উচ্চ প্ৰযুক্তিৰ দ্ৰোনো ব্যৱহাৰ কৰা হয় ৷ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱৰ নেতৃত্বত ২৮ মাৰ্চত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪ টা কম্পাৰ্টমেন্টত দ্ৰোনৰ সহায়ত গঁড় গননা কৰে ৷ গঁড় গননাৰ ফলাফল ঘোষণাৰ সময়ত সঞ্চালক সৈতে কাজিৰঙা ডি এফ অ' ৰমেশ কুমাৰ গগৈ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, উপ বন সংৰক্ষক খৰ্গ সিং ডেকাৰজা, অসম গৌৰৱ ধৰণীঘৰ বড়ো, অৱসৰ প্ৰাপ্ত বন বিষয়া দিব্যধৰ গগৈৰ উপৰিও বন বিষয়া সকল উপস্থিত থাকে ৷

********