অৰুণাচলৰ বাহিৰত আবদ্ধ প্ৰতিজনলৈ ৩৫০০ টকা

অৰুণাচলৰ বাহিৰত আবদ্ধ  প্ৰতিজনলৈ  ৩৫০০ টকা

তলাবন্ধৰ সময়ত অৰুণাচল প্ৰদেশৰ বাহিৰত আবদ্ধ হৈ থকা অৰুণাচলী লোকসকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে মুখ্যমন্ত্ৰী পেমা খান্দু আৰু কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু। শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ সৈতে হোৱা আলোচনৰ অন্তত মুখ্যমন্ত্ৰী পেমা খান্দুৱে ৰাজ্যখনৰ বাহিৰত আবদ্ধ হৈ থকা সকলো লোককে ৩৫০০ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছে।

এই ক্ষেত্ৰত বৰ্তমান সময়ত অৰুণাচল প্ৰদেশৰ যিসকল লোকে ৰাজ্যখনৰ বাহিৰত আছে তেওঁলোকক শীঘ্ৰে https://t.co/gsaOPIIryZ. পৰ্টেলত নিজৰ নাম ৰেজিষ্টাৰ কৰিবলৈ ছছিয়েল মিডিয়াযোগে আহ্বান জনাইছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে। ১৯ এপ্ৰিলৰ নিশা পৰ্যন্ত পঞ্জীয়ন কৰা লোকসকলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা পাব গাইপতি ৩৫০০ টকাকৈ।